নিউজ ডেস্ক, 18 জুনঃ বৃহস্পতিবাৰে পুনৰ পাকিস্তানী সেনাই নিয়ন্ত্ৰণ সীমা ৰেখাত ভংগ কৰিছে যুদ্ধ বিৰতি । কুপৱাৰা জিলাৰ মাচ্চিল চেক্টৰৰ কাষত বৃহস্পতিবাৰে পাকিস্তান সীমান্তৰ ফালৰ পৰা গুলিবৰ্ষণ কৰে । ভাৰতীয় সীমান্তত থকা সেনাৰ ঘটিলৈ লক্ষ্য কৰি পাক সেনাই মৰ্টাৰেৰে আক্ৰমণ কৰে ।
ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি 18 জুনৰ আৱেলিৰ সময়ত সংঘটিত কৰে এই যুদ্ধ বিৰতি উলংঘাৰ ঘটনা । অৱশ্যে কোনো হতাহতি হোৱা নাই এই ঘটনাত ।
প্ৰত্যুত্তৰত সীমান্তত নিয়োজিত ভাৰতীয় সীমান্ত সুৰক্ষা বলেও গুলিচালনা কৰে বুলি প্ৰকাশ কৰে বিষয়াগৰাকীয়ে । ইয়াৰ পূৰ্বেও দেওবাৰে পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ সীমা ৰেখাত পাক সেনাই কৰা মুকলি গুলিচালনাৰ ঘটনাত এগৰাকী সেনাৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী আহত হৈছিল ।
লগতে চাওকঃ কেইবাটাও দাবীৰে নলবাৰীত বজৰংগ দলৰ প্ৰতিবাদ