ETV Bharat / bharat

জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

author img

By

Published : Jan 30, 2021, 7:50 PM IST

পাকিস্তানে জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাৰ আন্তৰ্জাতিক সীমান্তত যুদ্ধবিৰতি উলংঘন কৰে । ভাৰতীয় সেনাই উপযুক্ত উত্তৰ দিয়ে পাকিস্তানক ।

জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন
জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

নিউজ ডেস্ক , ৩০ জানুৱাৰী : জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ । বিভাগীয় কতৃপক্ষই শনিবাৰে জনোৱা মতে পাকিস্তানী সেনাই জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাৰ আন্তৰ্জাতিক সীমান্তত গুলীচালনা কৰি যুদ্ধ বিৰতি উলংঘন কৰে । সীমান্তৰ সিপাৰৰ পৰা ববিয়ান সীমান্ত আউট পোষ্টৰ হীৰানগৰ খণ্ডৰ ফালে শুকুৰবাৰে নিশা প্ৰায় ১০.১০ বজাত আৰম্ভ হয় গুলীচালনা । সীমান্ত নিৰাপত্তা বাহিনীৰ (বিএছএফ)ৰ ফালৰ পৰাও ইয়াৰ সঠিক উত্তৰ দিয়ে বুলি বিষয়াসকলে জনায় । তেওঁলোকে জনোৱা মতে দুয়ো পক্ষৰ মাজত প্ৰায় ৩ বজালৈকে গুলীচালনা অব্য়াহত আছিল কিন্তু ভাৰতীয় পক্ষত কোনো ক্ষতি হোৱাৰ কোনো তথ্য় পোহৰলৈ অহা নাই ।

বিএছএফে যোৱা ১৩ আৰু ২৩ জানুৱাৰীত হীৰানগৰ খণ্ডৰ ববিয়ান আৰু পানচাৰ অঞ্চলত প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘৰ দুটা সিপাৰৰ-সীমান্ত সুৰংগ চিনাক্ত কৰিছিল, যাৰ বাবে পাকিস্তানৰ সন্ত্ৰাসবাদীসকলক ভাৰতলৈ পঠিওৱাৰ চেষ্টা বিফল হৈছিল ।

লগতে পঢ়ক : ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ জইছ-উল-হিন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.