ETV Bharat / bharat

ৰাজৌৰী আৰু পুঞ্চত পাকিস্তানী সেনাৰ আৰ্টি ছেলিং অব্য়াহত

author img

By

Published : May 6, 2020, 10:36 AM IST

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত কিছুদিনৰ পৰা পাকিস্তানী সেনাই নিয়ন্ত্ৰণৰেখাৰ ৰাজৌৰী আৰু পুঞ্চ ছেক্টৰত আৰ্টি ছেলিং অব্যাহত ৰাখিছে ।

ৰাজৌৰী আৰু পুঞ্চত পাকিস্তানী সেনাৰ আৰ্টি ছেলিং অব্য়াহত
ৰাজৌৰী আৰু পুঞ্চত পাকিস্তানী সেনাৰ আৰ্টি ছেলিং অব্য়াহত

নিউজ ডেস্ক, ৬ মে' : প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, ভাৰত-পাক সীমান্তত অব্যাহত আছে যুদ্ধকালীন পৰিস্থিতি । বিগত প্ৰায় এসপ্তাহ ধৰি পাকিস্তানী সেনাই নিয়ন্ত্ৰণৰেখাৰ সিপাৰৰ পৰা অব্যাহত ৰাখিছে যুদ্ধবিৰতি উলংঘণ ।

মঙলবাৰেও পাকিস্তানী সেনাই বৃহৎ হাৰে গুলিবৰ্ষণ তথা আৰ্টি ছেলিং অব্যাহত ৰাখে । নিয়ন্ত্ৰণৰেখাৰ ৰাজৌৰি আৰু পুঞ্চ ছেক্টৰত ধাৰাবাহিকভাৱে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘণ কৰি আহিছে । আনহাতে পাকিস্তানী সেনাৰ দ্বাৰা সংঘটিত যুদ্ধবিৰতি উলংঘণত ভাৰতীয় স্থলসেনাৰ কোনো বিষয়া-জোৱান হতাহত হোৱা নাই । অৱশ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা পাকিস্তানী সেনাক যোগ্য প্ৰত্য়ুত্তৰ প্ৰদান কৰা হৈছে । ভাৰতীয় সেনাৰ দ্বাৰা হোৱা গুলিবৰ্ষণত পাকিস্তানী সেনাৰ এগৰাকী কৰ্ণেল নিহত হোৱাৰ লগতে আন ৭গৰাকী জোৱান নিহত হোৱা বুলি সেনাৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ।

আনহাতে মঙলবাৰে নিশা প্ৰায় ৯ বজাত পাকিস্তানী সেনাই পুনৰ যুদ্ধবিৰতি উলংঘণ কৰে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে । ৰাজৌৰীৰ মাঞ্জাকোটে ছেক্টৰত আৰু পুঞ্চৰ বালাকোট ছেক্টৰত পাকিস্তানী সেনাই অব্য়াহত ৰাখিছে আৰ্টি ছেলিং তথা গুলিবৰ্ষণ । পাকিস্তানী সেনাৰ এই কাৰ্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে ভাৰতীয় সেনাই প্ৰদান কৰি আহিছে । উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিচৰে পৰাই নিয়ন্ত্ৰণৰেখাত অত্যধিক হাৰে যুদ্ধবিৰতি উলংঘণ কৰিছে পাকিস্তানী সেনাই । বিগত বৰ্ষত প্ৰায় ৪ হাজাৰ বাৰ যুদ্ধবিৰতি উলংঘণ কৰাৰ লগতে চলিত বৰ্ষত এতিয়ালৈকে হাজাৰৰো অধিক বাৰ যুদ্ধবিৰতি উলংঘণ কৰিছে পাকিস্তানে । পাকিস্তানৰ এই ছায়াযুদ্ধ নীতিক শক্তিশালী আৰু যোগ্য প্ৰত্যুত্তৰেৰে ওফোৰাই দিছে ভাৰতীয় স্থলসেনাই ।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীত পাকিস্তানৰ বোমাবৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.