ETV Bharat / bharat

প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক পদ্ম বিভূষণ ৰোড্ডাম নৰসিমহাৰ দেহাৱসান

দেশৰ প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক তথা পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰোড্ডাম নৰসিমহাৰ ৮৭ বছৰ বয়সত দেহাৱসান ঘটে । বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বৈজ্ঞানিকগৰাকী ।

author img

By

Published : Dec 15, 2020, 12:13 PM IST

মহাকাশ বৈজ্ঞানিক ৰোড্ডাম নৰসিমহা
মহাকাশ বৈজ্ঞানিক ৰোড্ডাম নৰসিমহা

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : দেশৰ আগশাৰীৰ মহাকাশ বৈজ্ঞানিক তথা পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰোড্ডাম নৰসিমহাৰ সোমবাৰে দেহাৱসান ঘটে । বিগত ৮ ডিচেম্বৰত মগজুৰ ৰক্তক্ষৰণ হোৱাৰ পিচতেই বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহান বৈজ্ঞানিকগৰাকীক । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ ।

১৯৩৩ চনৰ ২০ জুলাইত জন্মগ্ৰহণ কৰা অধ্যাপক নৰসিমহাই মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ফ্লুইড ডাইনামিচিষ্ট হিচাপে যথেষ্ট অৰিহণা আগবঢ়াইছিল । ১৯৬২ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁ মহাকাশ অভিযান্ত্ৰিকতা বিভাগত অধ্যাপনা কৰিছিল । ১৯৮৪ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়াইছিল । ২০০০ চনৰ পৰা ২০১৪ চনলৈ তেওঁ বেংগালুৰুস্থিত জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠানৰ ইঞ্জিনীয়াৰিং মেকানিকছ খণ্ডৰ অধ্যক্ষ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । ভাৰতীয় মহাকাশ খণ্ডলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানক স্বীকৃতি প্ৰদান কৰি ২০১৩ চনত ভাৰত চৰকাৰে ৰোড্ডাম নৰসিমহালৈ আগবঢ়াইছিল দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ ।

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মানৱ ড° এপিজে আব্দুল কালাম আজাদৰ অতিকে ঘনিষ্ঠ আছিল অধ্যাপক নৰসিমহা । ড° কালামৰ সৈতে অধ্যাপক নৰসিমহাই যুটীয়াভাৱে লিখি উলিয়াইছিল "Developments In Fluid Mechanics and Space Technology" নামে এখন গ্ৰন্থ । ভাৰত ৰত্ন তথা বৈজ্ঞানিক ড° চিএনআৰ ৰাওৰো নলে-গলে লগা বন্ধু আছিল অধ্যাপক নৰসিমহা । ভাৰতীয় ৰকেট বৈজ্ঞানিক অধ্যাপক সতীশ ধাৱানৰ ছাত্ৰ আছিল অধ্যাপক নৰসিমহা ।

বেংগালুৰুৰ ৰামাইয়াহ মেম'ৰিয়েল হাস্পতালৰ নিউৰ'চাৰ্জন তথা জ্যেষ্ঠ চিকিৎসক ডা° সুনীল ভি ফুৰ্টাডোৱে অধ্যাপক ৰোড্ডাম নৰসিমহাৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে । সোমবাৰে নিশা প্ৰায় ৮ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰখ্যাত বৈজ্ঞানিকগৰাকীয়ে । ২০১৮ চনতো অধ্যাপকগৰাকীয়ে মগজুৰ ষ্ট্ৰোকত ভূগিছিল বুলি চিকিৎসক ডা° সুনীল ভি ফুৰ্টাডোৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ যোৱা পদ্ম বিভূষণ মহান বৈজ্ঞানিকগৰাকীৰ শেষকৃত্য মঙলবাৰে সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিয়ালবৰ্গই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.