নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনৰ 19 খন বান বিধ্বস্ত জিলাৰ 3,48,511 গৰাকী কৃষকৰ একাউণ্টত 113.21 কোটি টকা জমা কৰে ৷
তেওঁ অনলাইনযোগে সেই টকা কৃষক সকলক প্ৰদান কৰে ৷ প্ৰবল বৃষ্টিপাত আৰু বানৰ ফলত যিসকল কৃষকৰ উৎপাদিত শস্যসমূহ নষ্ট হৈছিল সেইসকল কৃষকক এই সাহাৰ্য প্ৰদান কৰা হয় বুলি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লোকে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, চৰকাৰে অতি শীঘ্ৰেই বান সমস্যাৰ স্থায়ী সমাধান উলিয়াব আৰু এই সন্দৰ্ভত ইতিমধ্যে এক পৰিকল্পনাও কৰা হৈছে ৷
লগতে পঢ়ক: বিহাৰৰ ছিল্ক ব্যৱসায়ী আৰু চৰকাৰী ঠিকাদাৰৰ গৃহত আয়কৰৰ তালাচী