ETV Bharat / bharat

ভাৰত-বাংলাদেশৰ ফেন্সিঙৰ বাবদ ব্যয় 1138.48 কোটি - nityananda rai

ৰাজ্যিক গৃহ মন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে লিখিতভাৱে সংসদৰ নিম্ন সদনত এই তথ্য দাখিল কৰে ৷

ভাৰত-বাংলাদেশৰ ফেন্সিঙৰ বাবদ 1138.48 কোটি টকাৰ ব্যয় হৈছে
author img

By

Published : Jul 24, 2019, 10:18 AM IST

নিউজ ডেস্ক, 24 জুলাই: বিগত 5 বছৰে ভাৰত-বাংলাদেশৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ ফেন্সিঙৰ বাবদ 1138.48 কোটি টকাৰ ব্যয় হৈছে ৷ মঙলবাৰে শাসনাধিষ্ঠ চৰকাৰখনে সদনত এই কথা প্ৰকাশ কৰে ৷

ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ 4096.70 কিলোমিটাৰ৷ এই পৰ্যন্ত 2803 কিলোমিটাৰলৈকে ফেন্সিঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আগন্তুক 2020 চনৰ ডিচেম্বৰ মাহলৈকে সীমান্তৰ ফেন্সিঙ নিৰ্মাণ সম্পূৰ্ণ হ'ব ৷ ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে লিখিতভাৱে সংসদৰ নিম্ন সদনত এই তথ্য দাখিল কৰে ৷ তেওঁ কয় যে, ভাৰত-বাংলাদেশ সীমান্তৰ আন্ত:গাঠনিৰ যেনে: ফেন্স , পথ , সীমান্ত আউট পোষ্ট , আৰু ফ্লাডলাইটৰ কাম বৰ্তমান অব্যাহত আছে ৷ সীমা সুৰক্ষা বলে দৈনিক সীমান্ত পৰিদৰ্শন কৰি থকাৰ লগতে নিৰীক্ষন শিৱিৰ স্থাপন কৰি অবৈধ বাংলাদেশী প্ৰব্ৰজন বন্ধ কৰাৰ চেষ্টা চলাই আছে ৷ তথাপিও সীমান্তৰ নদীৰে আৱৰি থকা অংশত ফেন্সিং দিব পৰা নাযায় বুলি মন্তব্য কৰে ৰাজ্যিক গৃহ মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰিও তেওঁ কয় যে 2014 চনৰ পৰা 2019লৈকে পশ্চিমবংগত আটকাধীন বাংলাদেশীৰ সংখ্যা 2,260ৰ পৰা 379লৈ হ্ৰাস পাইছে ৷ একেদৰে অসমত আটকাধীন বাংলাদেশীৰ সংখ্যা 101 পৰা 94 লৈকে আৰু মেঘালয়ত আটকাধীন বাংলাদেশীৰ সংখ্যা 64ৰ পৰা 11 লৈ হ্ৰাস পাইছে ৷ মিজোৰামত 8ৰ পৰা 7লৈ আৰু ত্ৰিপুৰাত 101 পৰা 94 লৈকে আটকাধীন বাংলাদেশীৰ সংখ্যা হ্ৰাস পাইছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.