ETV Bharat / bharat

টবলিঘি জামাতত অংশ লোৱা 25,000ৰো অধিক লোকক আছুতীয়াকৈ ৰখা হৈছে

author img

By

Published : Apr 7, 2020, 12:36 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি, দেশত বৰ্তমানলৈ 25 হাজাৰৰো অধিক লোকক আছুতীয়াকৈ ৰখা হৈছে ৷ মন্ত্ৰালয়ৰ যুটীয়া সচিব, পূণ্য শলিল শ্ৰীবাস্তৱে প্ৰকাশ কৰা অনুসৰি, এইসমূহ লোকে নিজামুদ্দিনত অনুষ্ঠিত টবলিঘি জামাতত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ লগতে হাৰিয়ানাৰ 5খনকৈ গাঁও, য’ত এই অনুষ্ঠানৰ নেতাসকলে আশ্ৰয় গ্ৰহণ কৰিছিল, সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বুলিও সচিবগৰাকীয়ে উল্লেখ কৰে ৷

টবলিঘি জামাতত অংশ লোৱা 25,000ৰো অধিক লোকক আছুতীয়াকৈ ৰখা হৈছে
টবলিঘি জামাতত অংশ লোৱা 25,000ৰো অধিক লোকক আছুতীয়াকৈ ৰখা হৈছে

নিউজ ডেস্ক, 7 এপ্ৰিলঃ ভাৰতত এতিয়ালৈকে 25,000ৰো অধিক লোক যিয়ে, টবলিঘি জামাতত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ পৰিয়াল তথা আত্মীয়ক আছুতীয়াকৈ ৰখা হৈছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব, পূণ্য শলিল শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে এই তথ্য ৷ সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, ইছলামিক সংগঠনৰ মুৰব্বীসকলে আশ্ৰয় গ্ৰহণ কৰা হাৰিয়ানাৰ 5খন গাঁও সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৷ তেওঁ কয় যে, 2,083গৰাকী জামাতৰ সদস্যৰ ভিতৰত 1,750 গৰাকীক ব্লেকলিষ্টেড কৰা হৈছে ৷

তেওঁ লগতে উল্লেখ কৰে যে, গৃহ মন্ত্ৰালয়ৰ সচিব অজয় ভাল্লাই ইতিমধ্যে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জৰুৰীকালীন মেডিকেল সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.