ETV Bharat / bharat

প্ৰতিদিনে দেশত এক লাখতকৈ অধিক PPE কিট, N95 মাস্ক প্ৰস্তুত : স্বাস্থ্য মন্ত্ৰণালয় - ঘৰুৱা পদ্ধতিৰে ভেন্টিলেটৰৰো নিৰ্মাণ কৰি থকা হৈছে

প্ৰতিদিনে এক লাখতকৈ অধিক PPE কিট আৰু N95 মাস্ক প্ৰস্তুত কৰি থকা হৈছে ৷ ইয়াৰোপৰি, ঘৰুৱা পদ্ধতিৰে ভেন্টিলেটৰৰো নিৰ্মাণ কৰি থকা হৈছে বুলি প্ৰকাশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷

স্বাস্থ্য মন্ত্ৰণালয়
প্ৰতিদিনে দেশত এক লাখতকৈ অধিক PPE কিট, N95 মাস্ক প্ৰস্তুত
author img

By

Published : Apr 25, 2020, 11:42 PM IST

নেশ্যনেল ডেস্ক, 25 এপ্ৰিল : দেশত প্ৰতিদিনে এক লাখতকৈ অধিক Personal Protective Equipment(PPE) কিট আৰু N95 মাস্ক প্ৰস্তুত কৰি থকা হৈছে ৷ ইয়াৰোপৰি, ঘৰুৱা পদ্ধতিৰে ভেন্টিলেটৰৰো নিৰ্মাণ কৰি থকাৰ লগতে প্ৰায় 9 টাকৈ নিৰ্মানকাৰী সংস্থাৰ জৰিয়তে 59,000 ইউনিট ভেন্টিলেটৰৰ অৰ্ডাৰো লাভ কৰা হৈছে ৷ শনিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

Covid-19 সম্পৰ্কত Group of Ministers (GoM) ৰ সৈতে অনুষ্ঠিত এক বৈঠকত মন্ত্ৰণালয়ে কয় যে, ঘৰুৱা নিৰ্মাণকাৰী সংস্থাই ইতিমধ্য়েই PPE কিট, ফেচমাস্ক আদি প্ৰস্তুত কৰি উলিয়াইছে ৷

স্বাস্থ্য় মন্ত্ৰণালয়ৰ বিবৃতিত প্ৰকাশ, "দেশত প্ৰতিদিনে 1 লাখতকৈ অধিক PPE কিট আৰু N95 মাস্ক প্ৰস্তুত কৰি থকা হৈছে ৷ বৰ্তমানলৈকে দেশত 104 টা PPE প্ৰস্তুত কৰা সংস্থা আৰু 3 টা N95 মাস্ক প্ৰস্তুত কৰা সংস্থা আছে ৷ ইয়াৰোপৰি, ঘৰুৱা পদ্ধতিৰে ভেন্টিলেটৰৰো নিৰ্মাণ কৰি থকাৰ লগতে প্ৰায় 9 টাকৈ নিৰ্মানকাৰী সংস্থাৰ জৰিয়তে 59,000 ইউনিট ভেন্টিলেটৰৰ অৰ্ডাৰো লাভ কৰা হৈছে ৷"

এই বিবৃতি অনুসৰি, "দেশত কৰ'ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ 3.1 শতাংশ হোৱাৰ পৰিৱৰ্তে আৰোগ্য হোৱাৰ লোকৰ হাৰ 20 শতাংশ ৷ এই হাৰ অন্যান্য দেশৰ তুলনাত বহু কম হোৱাৰ লগতে এয়া লকডাউনৰ সকাৰাত্মক প্ৰভাৱ ৷ সামাজিক দূৰত্ব মানি চলিবলৈ দেশৰ নাগৰিকক আহ্বান জনোৱাৰ লগতে কৰ'ণা ভাইৰাছৰ হটস্পট সমূহ চিনাক্ত কৰি উলিওৱাৰ ফলতো এই হাৰ অন্য দেশৰ তুলনাত কম হৈছে ৷"

লগতে বিবৃতিত প্ৰকাশ, "9.1 দিনৰ অন্তত গড়ে দুগুণলৈ বৃদ্ধি পাইছে ভাৰতত আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈকে 5,062 জন লোক আৰোগ্য় হৈ উঠাৰ ফলত আৰোগ্যতাৰ হাৰ হৈছে 20.66 শতাংশ ৷ শুকুৰবাৰলৈকে দেশত 1,429 লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ বৰ্তমানলৈকে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 24,506 লৈ বৃদ্ধি পাইছে ৷"

Covid-19 প্ৰতিৰোধৰ বাবে দিনে-ৰাতিয়ে কষ্ট কৰি থকা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে, Epidemic Diseases Act, 1897 ৰ অধীনত তেওঁলোকৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

বৰ্ধনে কয়, "এয়া কেৱল তেওঁলোকৰ অকলশৰীয়া যুঁজ নহয়, আমাৰ একত্ৰিত প্ৰচেষ্টা ৷ তেওঁলোক আমাৰ যুদ্ধা আৰু এখন দেশ হিচাপে আমি কেৱল তেওঁলোকৰ অৰিহনাক সন্মান জনোৱাই নহয়, তেওঁলোকৰ সুৰক্ষা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগিব ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.