ETV Bharat / bharat

সমঝোতা এক্সপ্ৰেছত মাত্ৰ 12 গৰাকী যাত্ৰী - etv bharat

এয়াৰ ষ্ট্ৰাইকৰ পিচত সমঝোতা এক্সপ্ৰেছৰ প্ৰথম যাত্ৰাত যাত্ৰীৰ সংখ্যা মাত্ৰ ১২ জন

সমঝোতা এক্সপ্ৰেছত মাত্ৰ 12 গৰাকী যাত্ৰী
author img

By

Published : Mar 4, 2019, 9:40 AM IST

নতুন দিল্লী, ৪ মাৰ্চঃ চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় বায়ুসেনাই কৰা এয়াৰ ষ্ট্ৰাইকৰ পাচতে দেওবাৰে সমঝোতা এক্সপ্ৰেছত দেখা গ'ল মাত্ৰ 12গৰাকী যাত্ৰী। টিকট বুক কৰা 12গৰাকী যাত্ৰীয়েই আছিল পাকিস্তানী নাগৰিক। সোমবাৰে ৰে'লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক মনোজ কুমাৰে প্ৰকাশ কৰে এই তথ্য।

etv bharat
সমঝোতা এক্সপ্ৰেছত মাত্ৰ 12 গৰাকী যাত্ৰী

আনহাতে, যাত্ৰী কেইগৰাকীয়ে কঢ়িওৱা সা-সামগ্ৰী সমূহ dog squad-ৰে পৰীক্ষা কৰা হয় বুলিও উল্লেখ কৰে পৰিদৰ্শকগৰাকীয়ে।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত হোৱা আত্মঘাতী আক্ৰমণৰ পাচতেই দুয়োখন দেখৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত সমঝোতা এক্সপ্ৰেছৰ চলাচল বাতিল কৰিছিল। তাৰ দুদিন পিচতেই অনিৰ্দিষ্টকালীনভাৱে ভাৰতেও ৰে'লখনৰ চলাচল বাতিল কৰে। ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দনক পাকিস্তানে মুক্তি দিয়াৰ পিচত দেশ দুখনৰ মাজৰ পৰিস্থিতি উন্নত হোৱা বাবে দেওবাৰৰ পৰা পুনৰ সমঝোতা এক্সপ্ৰেছৰ চলাচল আৰম্ভ কৰা হয়।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.