ETV Bharat / bharat

লক ডাউনঃ নিম গছত উঠি শিক্ষকে কৰাইছে অনলাইন পাঠদান - Lockdown

পশ্চিমবংগৰ এজন শিক্ষকে বাধা বিহীন নেটৱৰ্ক লাভৰ বাবে ঘৰৰে ওচৰৰে এটা ওখ নিম গছত বাঁহেৰে গছৰ ডালত সংযোগ কৰি ঘৰ সদৃশ বহিবলৈ ঠাই বনাই তাৰ পৰা ভাল নেটৱৰ্ক পোৱাৰ কাৰণে তাত বহিয়েই শিক্ষাৰ্থীক কৰাইছে অনলাইন পাঠদান ৷

online-classes-continue-from-a-neem-tree-by-a-teacher-in-wb
লক ডাউনঃ নিম গছত উঠি শিক্ষকে কৰাইছে অনলাইন পাঠদান
author img

By

Published : Apr 23, 2020, 9:17 PM IST

Updated : Apr 24, 2020, 11:04 AM IST

নিউজ ডেস্ক, 23 এপ্ৰিল : কোৱা হয় ভাল দিনৰ তুলনাত বেয়া দিনে আপোনাক অধিক শিক্ষা দি থৈ যায় ৷ লক ডাউনৰ ফলত ইন্টাৰনেটৰ সমস্যা হোৱাৰ বিভিন্ন বাতৰি পোহৰলৈ অহাৰ সময়তেই এজন শিক্ষকে ইন্টাৰনেটৰ সমস্যাৰ বাবে শিক্ষাৰ্থীক অনলাইন শিক্ষা দিয়াৰ নিমিত্তে গ্ৰহণ কৰা পদক্ষেপে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে ৷

শিক্ষক জনৰ নাম সুব্ৰত পতি ৷ সুব্ৰত কলকাতা চহৰৰ দুখনকৈ শিক্ষানুষ্ঠানত ইতিহাস বিভাগৰ শিক্ষক হিচাপে কৰ্মৰত ৷ লক ডাউনৰ সময়চোৱাত সুব্ৰত কলকাতাৰ পৰা 200 কিঃমিঃ নিলগৰ বাকুণ্ডা জিলাৰ অহন্দা গাঁৱত থকা পিতৰ ঘৰলৈ যায়গৈ ৷ কিন্তু বৰ্তমান মোবাইলত শিক্ষাৰ্থীক অনলাইন যোগে পাঠদান কৰাব লগা হোৱাত সুব্ৰতে নেটৱৰ্কৰ সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল ৷ কিন্তু অৱশেষত সুব্ৰতে বিচাৰি উলিয়ালে এক ব্যতিক্ৰমী উপায় ৷

লক ডাউনঃ নিম গছত উঠি শিক্ষকে কৰাইছে অনলাইন পাঠদান

শিক্ষকজনে বাধা বিহীন নেটৱৰ্ক লাভৰ বাবে ঘৰৰে ওচৰৰে এটা ওখ নিম গছত বাঁহেৰে গছৰ ডালত সংযোগ কৰি ঘৰ সদৃশ বহিবলৈ ঠাই বনাই তাৰ পৰা ভাল নেটৱৰ্ক পোৱাৰ কাৰণে তাত বহিয়েই শিক্ষাৰ্থীক অনলাইন ক্লাচ কৰোৱা আৰম্ভ কৰে ৷ প্ৰত্যেক দিনা পুৱাই সুব্ৰতে ক্লাচ কৰোৱা সময়ত ভোক নিবাৰণৰ বাবেও পৰ্যাপ্ত খাদ্য লৈ উক্ত নিম গছত উঠি যায় ৷ এনেদৰেই শিক্ষকজনে এই লক ডাউনৰ সময়চোৱাত দৈনিক নিজে কৰ্মৰত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক দি আহিছে পাঠ দান ৷

লগতে পঢ়ক :লক ডাউনঃ গৰাকী বিহীন পশুধনক খাদ্য় বিতৰণ

Last Updated : Apr 24, 2020, 11:04 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.