ETV Bharat / bharat

1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

সমগ্ৰ ভাৰতত 1 জুনৰ পৰা কাৰ্যকাৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি ৷ এখন সংবাদমেলত এই কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে ৷ এই আঁচনিৰ অধীনত ভাৰতৰ যিকোনো ঠাইত এই ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব হিতাধীকাৰীয়ে ৷

author img

By

Published : Jan 21, 2020, 1:55 PM IST

1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান
1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

নিউজ ডেস্ক, 21 জানুৱাৰীঃ সোমবাৰে ‘‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’’ ৰ এক নতুন আঁচনিৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে ৷ সমগ্ৰ ভাৰততে 1 জুনৰ পৰা কাৰ্যকাৰী কৰা হ’ব এই এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি ৷ পাটনাত অনুষ্ঠিত হোৱা সংবাদমেলত এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

ইয়াৰ পূৰ্বে 1 জানুৱাৰীত এই আঁচনিৰ সুবিধা প্ৰথমে 12 খন ৰাজ্যত আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰীয় খাদ্য আৰু সাৰ্বজনীন বিতৰণ মন্ত্ৰীগৰাকীৰ মতে, যি কোনো 12 খন ৰাজ্যতে হিতাধীকাৰিয়ে তেওঁলোকৰ নিজৰ ৰেচন সমূহ লাভ কৰিব পাৰিব ৷

আনহাতে 3 ডিচেম্বৰতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰততে 30 জুন 2020 চনলৈ এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি প্ৰযোজ্য কৰা হ’ব বুলি মন্তব্য কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.