ETV Bharat / bharat

এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি - ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন

'এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি' হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, 2013(NFSA) ৰ অধীনত ৰেচন কাৰ্ড অধিকাৰী সকলৰ বাবে দেশৰ যিকোনো স্থানৰ সূলভ মূল্যৰ দোকান (Fair Price Shop) সমূহৰ পৰা প্ৰদান কৰা খাদ্যসামগ্ৰী ৷ দেশৰ ভিতৰতে প্ৰব্ৰজিত লোকৰ ওপৰত নিৰ্ভৰ কৰি এই আঁচনি মুকলি কৰা হৈছিল, যিহেতু লোকসকলে বিভিন্ন শ্ৰম তথা জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ ঘূৰি ফুৰে ৷ 2011 চনৰ জৰীপ অনুসৰি, 4.1 কোটি লোক হৈছে আন্তঃৰাজ্যিক প্ৰব্ৰজিত লোক আৰু 1.4 কোটি আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰৰে প্ৰব্ৰজিত লোক ৷

ONE NATION ONE APP SCHEME
এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি
author img

By

Published : May 16, 2020, 1:43 PM IST

নিউজ ডেস্ক, 16 মে' : 'এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি' হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, 2013(NFSA) ৰ অধীনত ৰেচন কাৰ্ড অধিকাৰী সকলৰ বাবে দেশৰ যিকোনো স্থানৰ সূলভ মূল্যৰ দোকান (Fair Price Shop) সমূহৰ পৰা প্ৰদান কৰা খাদ্যসামগ্ৰী ৷ দেশৰ ভিতৰতে প্ৰব্ৰজিত লোকৰ ওপৰত নিৰ্ভৰ কৰি এই আঁচনি মুকলি কৰা হৈছিল, যিহেতু লোকসকলে বিভিন্ন শ্ৰম তথা জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ ঘূৰি ফুৰে ৷ 2011 চনৰ জৰীপ অনুসৰি, 4.1 কোটি লোক হৈছে আন্তঃৰাজ্যিক প্ৰব্ৰজিত লোক আৰু 1.4 কোটি আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰৰে প্ৰব্ৰজিত লোক ৷

COVID-19 সাহাৰ্য পেকেজৰ অধীনত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছিল যে, প্ৰায় 3,500 কোটি টকা ব্যয়েৰে অহা দুমাহৰ বাবে প্ৰায় 8 কোটি প্ৰব্ৰজিত শ্ৰমিকক বিনামূলীয়া খাদ্যসামগ্ৰী প্ৰদান কৰা হ'ব ৷ তেওঁ লগতে কয় যে, এই 8 কোটি লোকৰে কোনো লোকৰ যদি কেন্দ্ৰীয় অথবা ৰাজ্যিক PDS কাৰ্ড নাই তেন্তে প্ৰতি জন লোকে 5 কিল'গ্ৰামকৈ খাদ্যসামগ্ৰী লাভ কৰিব আৰু দুমাহৰ বাবে 1 কিল'গ্ৰামকৈ চানা দাইল লাভ কৰিব ৷

ৰাজ্যসমূহত ৰেচন কাৰ্ড ব্যৱহাৰ কৰিবলৈ প্ৰব্ৰজিত লোকসকল সমৰ্থ হ'ব বুলি নিশ্চিতি প্ৰদান কৰি সীতাৰমণে কয় যে, PDS কাৰ্ডসমূহ স্থানান্তৰ কৰিব পৰা হ'ব ৷ আগষ্ট পৰ্যন্ত 23 খন ৰাজ্যত 67 কোটি অথবা 86 শতাংশ PDS লাভৱান লোক হ'ব ৷ 2021 চনৰ মাৰ্চ পৰ্যন্ত এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ অধীনত 100 শতাংশ লোকক লাভৱান কৰিব পৰা যাব ৷

বৰ্তমানলৈকে 12 খন ৰাজ্যত ৰাষ্ট্ৰীয় অথবা আন্তঃৰাজ্যিক কাৰ্ড স্থানান্তৰৰ সুবিধা প্ৰদান কৰা হৈছে ৷ এই ৰাজ্যসমূহ হৈছে - অন্ধ্ৰ প্ৰদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তেলেংগানা আৰু ত্ৰিপুৰা ৷ আনহাতে, অন্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই সুবিধা প্ৰদান কৰিবলৈ সাজু হোৱাৰ ওপৰত ইয়াৰ ব্যৱস্থা নিৰ্ভৰ কৰিব ৷

Department for the implementation of IM-PDS আঁচনি ৰূপায়নৰ বাবে বৰ্তমানলৈকে 31 ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল বুজাবুজিৰ সিদ্ধান্তত (MoU) হস্তাক্ষৰ কৰিছে ৷ আনহাতে, বাকী থকা ৰাজ্যসমূহে ইয়াত হস্তাক্ষৰ কৰিবলৈ সাজু হৈছে ৷

ONORC ৰ লাভ -

*যিকোনো PDS দোকানতে যিকোনো PDS কাৰ্ড অধিকাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এই আঁচনিৰ অধীনত লাভৱান হ'ব পাৰিব ৷

*প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ONORC য়ে PDS খাদ্যসামগ্ৰী প্ৰদান কৰাত সহায় কৰিব ৷

*নিজ পছন্দ অনুসৰি, যিকোনো যোগানকাৰীৰ পৰা এই লোকসকলে খাদ্যসামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ৷ কোনো যোগানকাৰীয়ে দূৰ্ব্যৱহাৰ কৰিলে লাভৱান লোকে অন্য যোগানকাৰীৰ ওচৰলৈ যাব পাৰিব ৷

*এই আঁচনিয়ে মহিলা আৰু সমাজৰ দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰিব ৷

*ইয়াৰ ফলত 2030 চন পৰ্যন্ত ক্ষুধা নিবাৰণ কৰাৰ লক্ষ্যত উপনীত হ'ব পাৰিব ৷

সংলগ্ন প্ৰত্যাহ্বানসমূহ -

*PDS প্ৰক্ৰিয়াৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰা হয় ৷ ইয়াৰ জৰিয়তে কোনো লোকে ৰেচন কাৰ্ডৰ অপপ্ৰয়োগ কৰিব নোৱাৰিব ৷

*সমাজ ব্যৱস্থাত বহু কেইটা শ্ৰেণীৰ লোক থাকে ৷ কিন্তু, সকলোৰে হাতত আধাৰ কাৰ্ড নাথাকে ৷ ইয়াৰ ফলত তেওঁলোকে খাদ্য সুৰক্ষাৰ পৰা বঞ্চিত হ'ব ৷

*নিৰ্মাণ কাৰ্য অথবা ঘৰুৱা কাম কৰা লোকসকলৰ ফিংগাৰ প্ৰিন্ট যিহেতু সলনি হৈ থাকে সেয়েহে আধাৰ কাৰ্ডত প্ৰদান কৰা ফিংগাৰ প্ৰিন্টৰ সৈতে ই পৃথক হ'বও পাৰে ৷

*শ্ৰমৰ বাবে, আন্তঃৰাজ্যিক অথবা ৰাজ্যৰ ভিতৰতে প্ৰব্ৰজন কৰা, বিভিন্ন খণ্ডত শ্ৰম সেৱা আগবঢ়োৱা দুখীয়া শ্ৰেণীৰ লোকৰ স্থানান্তৰ সন্দৰ্ভত সঠিক তথ্য প্ৰদান কৰা নাই ৷

বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা (11.02.2020 )

1. আন্দামান নিকোবৰ দ্বীপপুঞ্জ - 16,342

2. অন্ধ্ৰ প্ৰদেশ - 90,27,634

3. অৰুণাচল প্ৰদেশ - 1,77,607

4. অসম - 57,87,006

5. বিহাৰ - 1,67,23,631

6. চণ্ডীগড় - 67,527

7. সত্তীছগড় - 52,82,969

8. দাদ্ৰা আৰু নগৰ হাভেলী - 45,736

9. দমন এণ্ড দিউ - 19,993

10. দিল্লী - 17,48,526

11. গোৱা - 1,42,147

12. গুজৰাট - 65,81,540

13. হাৰিয়ানা - 26,97,110

14. হিমাচল প্ৰদেশ - 6,78,675

15. জম্মু-কাশ্মীৰ - 16,75,443

16. ঝাৰখণ্ড - 57,19,194

17. কৰ্ণাটক - 1,26,78,228

18. কেৰালা - 37,29,759

19. লক্ষদ্বীপ - 1,17,47,674

21. মহাৰাষ্ট্ৰ - 1,50,67,403

22. মনিপুৰ - 5,88,837

23. মেঘালয় - 4,21,502

24. নিজোৰাম - 1,55,643

25. নাগালেণ্ড - 2,82,209

26. উড়িশা - 93,20,884

27. পণ্ডিচেৰী - 1,77,977

28. পাঞ্জাৱ - 35,18,327

29. ৰাজস্থান - 1,11,06,203

30. ছিকিম - 94,704

31. তামিলনাডু - 1,01,41,800

32. তেলেংগানা - 53,24,508

33. ত্ৰিপুৰা - 5,78,828

34. উত্তৰ প্ৰদেশ - 3,53,22,427

35. উত্তৰাখণ্ড - 13,36,938

36. পশ্চিম বংগ - 5,63,49,434

মুঠ - 23,43,39,518

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.