নিউজ ডেস্ক, 19 মে': উৰিষ্যাত সংঘটিত পথ দুৰ্ঘটনাত 1 জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হয় 10 গৰাকী প্ৰৱজক শ্ৰমিক । বাছ খনে লক ডাউনত আবদ্ধ 24 জন শ্ৰমিকক নাভি মুম্বাইৰ পৰা কঢ়িয়াই পশ্চিম বংগলৈ গৈ আছিল ।
তেনেতে উৰিষ্যাৰ হান্দাপা আৰক্ষী চকীৰ অন্তৰ্গত লুহামুন্দাত 55 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰেংকাৰ এখনৰ সৈতে মুখা-মুখি সংঘৰ্ষত লিপ্ত হয় । য'ত থিতাতে নিহত হয় ট্ৰেংকাৰ চালকজন আৰু আহত হয় 10 গৰাকী প্ৰৱজক শ্ৰমিক । আহত সকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক । তেওঁলোকক আগুল হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে আন কেইজনক বাইন্দা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।