ETV Bharat / bharat

বিপদ স্বত্বেও ভুল পথেৰে যাত্ৰা! - আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা,অষ্ট্ৰেলিয়া

২৮ শতাংশ কাৰ্বন নিৰ্গত কৰা চীনে নিজৰ লক্ষ্যৰ দিশে আগবঢ়াত বিফল হৈছে । সদস্য ৰাষ্ট্ৰসমূহে পেৰিছ চুক্তিৰ ৬ নং দফাক লৈ সংঘাতত লিপ্ত হৈ আছে। এই দফাই গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ লক্ষ্যৰ কথা উল্লেখ কৰে। কিয়টো প্ৰট’কলৰ পৰা শেহতীয়া পেৰিছ চুক্তিলৈকে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা মতভেদৰ বাবে কাৰ্বন নিৰ্গমন আৰু ক্লীন ডেভলেপমেণ্ট মেকানিজিমৰ অন্তৰ্ভুক্ত চি ই আৰ অৰ্থাৎ কাউণ্ট ৰিলেটেড ষ্টেণ্ডাৰ্ড ইউনিট নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই ।

বিপদ স্বত্বেও ভুল ৰাস্তাৰে যাত্ৰা
বিপদ স্বত্বেও ভুল ৰাস্তাৰে যাত্ৰা
author img

By

Published : Jan 1, 2020, 8:18 AM IST

Updated : Jan 1, 2020, 8:29 AM IST

চি অ’ পি ২৫ৰ বৈঠকত পেৰিছৰ লক্ষ্য পূৰণত অৱহেলাঃ

জলবায়ুৰ পৰিৱৰ্তনৰ ফলত সৃষ্ট প্ৰভাৱসমূহে পৃথিৱীখনে সন্মুখীন হ’বলৈ ওলোৱা বৃহৎ প্ৰত্যাহ্বানৰ ইংগিত বহন কৰে। চাৰি বছৰ পূ্ৰ্বে ২০১৫ চনত অনুষ্ঠিত চি অ’ পি অৰ্থাৎ কনফাৰেন্স অৱ্ পাৰ্টিজ ২৫-ৰ বৈঠকে এই শতিকাৰ শেষৰ ভিতৰত গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰে । পেৰিছ চুক্তি ৰূপায়ণৰ বাবে উপায় চিন্তা কৰি থকা সকলো দেশৰ বাবে এই লক্ষ্য আছিল। কিন্তু এই সন্মিলনত বিশেষ কোনো ফলাফল নোলোৱাত পেৰিছ চুক্তিৰ উৎসাহ-উদ্দীপনা হ্ৰাস পায়। বিগত দহ বছৰত গড়ে প্ৰতি বছৰে ১.৫ শতাংশ গ্ৰীণহাউছ গেছ নিৰ্গত হয়। লগতে বিগত কিছু বছৰত ৫৫.৩ জিগা টন কাৰ্বান মন’ক্সাইড নিৰ্গত হোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এই তথ্যই ভৱিষ্যতৰ ভয়াৱহতাকে প্ৰকট কৰে। চি অ’ পি ২৫ সন্মিলনৰ আৰম্ভণিৰ পূৰ্বে ৰাষ্ট্ৰসংঘই ১৯৫ খন দেশে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ বাবে এক একচন প্লেনৰ পোষকতা কৰে। এই আলোচনাত উন্নয়নশীল আৰু উন্নত দেশসমূহৰ মাজত সৃষ্টি হোৱা মত পাৰ্থক্যই এক অচলাৱস্থাৰ সৃষ্টি কৰে। সন্মিলন উদ্বোধন কৰি ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিবে দেশসমূহক ৰাষ্ট্ৰীয় সংকল্প আৰু সহযোগিতা লৈ অহা বছৰৰ ভিতৰত ক্ষীপ্ৰতাৰে পৰিৱেশ সম্পৰ্কীয় অভিযানসমূহৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।তেওঁ ২০৫০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমণ নিয়ন্ত্ৰণ কৰাৰ লগতে গোলকীয় উষ্ণতা ৰোধ কৰাত গুৰুত্ব প্ৰদান কৰে। প্ৰকৃত কথাটো হ’ল এই হাৰত গোলকীয় উষ্ণতা অব্যাহত থাকিলে পৃথিৱীৰ দেশসমূহে ২০৩০ চনৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিব। গোলকীয় উষ্ণতাই পৃথিৱীত ১.১ শতাংশ তাপমাত্ৰা বৃদ্ধি কৰাৰ ফলত প্ৰাকৃতিক দুৰ্যোগে বহু জীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন কৰিছে । এনেবোৰ কাৰকে উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক দিশটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। বিশ্বৰ দেশসমূহৰ বাবে অপৰিহাৰ্য লক্ষ্য হৈছে ২০২০ চনৰ পৰা ২০৩০ চনলৈকে প্ৰতি বছৰে ৭.৬ শতাশকৈ কাৰ্বন নিৰ্গত হোৱাৰ হাৰ হ্ৰাস কৰা । ভয়াৱহ কথাটো এয়ে যে যদি এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় ২১০০ চনৰ ভিতৰত গোলকীয় তাপমাত্ৰা ৩.২ ডিগ্ৰী বৃদ্ধি পাব পাৰে। সমগ্ৰ পৃথিৱীৰ ভিতৰত ৭৬ শতাংশ গ্ৰীণ হাউছ নিৰ্গত হয় কেইখনমান দেশৰ পৰা । সেই দেশকেইখন হৈছে-আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা,অষ্ট্ৰেলিয়া,ৰাছিয়া,জাপান,কোৰিয়া,চীন,ভাৰত,মেক্সিকো, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু ইউৰোপিয়ান ইউনিয়নৰ কিছুসংখ্যক দেশ। জি-২০ ৰ অন্তৰ্ভুক্ত বিশখন ৰাষ্ট্ৰৰ সাতখনে কাৰ্বন নিৰ্গমনৰ হাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এতিয়াও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাটোৱে ধনী দেশসমূহৰ এই সন্দৰ্ভত অৱহেলাকে প্ৰতীয়মান কৰে । ২০২০ চনৰ পূৰ্বে পেৰিছ চুক্তিৰ টাৰ্গেটসমূহত উপনীত হোৱাৰ বাবে কোনো পদ্ধতিগত ব্যৱস্থা নথকাৰ বাবে ২০২০ চনৰ সন্মিলনৰ পাছত কাৰ্বন আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া একচন প্লেন সন্দৰ্ভত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । কাৰ্বন নিৰ্গত কৰাৰ ক্ষেত্ৰত বিশ্বৰ বিতৰতে দ্বিতীয় স্থানত থকা অৰ্থাৎ ১৫ শতাংশ কাৰ্বন সৃষ্টি কৰা আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰিছ চুক্তি ত্যাগ কৰিব খোজা কথাটোৱে ধনী দেশসমূহৰ গুৰুত্বপূৰ্ণ গোলকীয় বিষয়টোৰ প্ৰতি সদিচ্ছাৰ অভাৱকেই স্পষ্টভাৱে প্ৰতিফলিত কৰে ।

On wrong path, despite big danger ahead green house effect in the world
২৮ শতাংশ কাৰ্বন নিৰ্গত হয় চীনৰ পৰা
আনহাতে ২৮ শতাংশ কাৰ্বন নিৰ্গত কৰা চীনে নিজৰ লক্ষ্যৰ দিশে আগবঢ়াত বিফল হৈছে । সদস্য ৰাষ্ট্ৰসমূহে পেৰিছ চুক্তিৰ ৬ নং দফাক লৈ সংঘাতত লিপ্ত হৈ আছে। এই দফাই গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ লক্ষ্যৰ কথা উল্লেখ কৰে। কিয়টো প্ৰট’কলৰ পৰা শেহতীয়া পেৰিছ চুক্তিলৈকে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা মতভেদৰ বাবে কাৰ্বন নিৰ্গমন আৰু ক্লীন ডেভলেপমেণ্ট মেকানিজিমৰ অন্তৰ্ভুক্ত চি ই আৰ অৰ্থাৎ কাউণ্ট ৰিলেটেড ষ্টেণ্ডাৰ্ড ইউনিট নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই । চি ডি এমৰ মতে উন্নয়নশীল দেশসমূহত এক টন কাৰ্বন গেছ নিয়ন্ত্ৰণ কৰিব পৰাটোক এক ক্ৰেডিট হিচাপে ধৰা হয়। তেনে ক্ৰেডিট বিক্ৰী আৰু ক্ৰয়ৰো এক চুক্তি আছে। ঔদ্যোগিক ক্ষেত্ৰত উন্নত দেশসমূহে তেনেধৰণৰ পঞ্জীয়নকৃত ক্ৰেডিটসমূহ বহনক্ষম উন্নয়নৰ বাবে কাৰ্বনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। এই ক্ৰেডিট ব্যৱস্থা কিয়টো প্ৰট’কলত অন্তৰ্ভুক্ত কৰা হৈছিল বুলি জনা যায় । ২০২০ চনৰ পূ্ৰ্বে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড ইউনিটত উপনীত হোৱা দেশসমূহৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ ফলত দেশসমূহৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয় । যাৰ বাবে পেৰিছ চুক্তিৰ ৬ নং দফাৰ স্পষ্টতাৰ দাবী উত্থাপন হৈছে । যিহেতু কাৰ্বন নিৰ্গমনৰ বাণিজ্যৰ লগত জড়িত ৬.২ নং দফা আৰু কাৰ্বন নিয়ন্ত্ৰণৰ লগত জড়িত ৬.৪ দফা সন্দৰ্ভত দেশসমূহৰ মাজত এক নিয়ন্ত্ৰণ নাই সেয়ে ঐক্যমতত উপনীত হোৱাটো অসম্ভৱ । উন্নয়নশীল দেশসমূহৰ এক সম্পূৰ্ণ একচন প্লেনৰ জৰিয়তে সঠিক দিশত পেৰিছ চুক্তি অগ্ৰসৰ হোৱাৰ পথত ই বাধাৰ সৃষ্টি কৰিছে । পেৰিছ চুক্তিৰ ডাঙৰ প্ৰত্যাহ্বান হ’ল কাৰ্বন প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় কাৰিকৰী জ্ঞান লাভৰ বাবে দীৰ্ঘকালীন বিত্তীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত দেশসমূহৰ মাজত ঐক্যমতৰ অভাৱ। ভাৰতে গোলকীয় উষ্ণতা আৰু কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত নিজৰ স্থিতি সম্পূৰ্ণভাৱে স্পষ্ট কৰিছে ।

২০৫০-ৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য

দেশসমূহে ২০২০ ৰ পূ্ৰ্বে প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত নতুন লক্ষ্য নিৰ্ধাৰণ কৰাটো সম্পূ্ৰ্ণৰূপে অপচয় আৰু অপ্ৰয়োজনীয় । ভাৰতে এই সন্দৰ্ভত সমালোচনা কৰি কৈছে যে কিয়টো প্ৰট’কলৰ একচন প্লেন কাৰ্যকৰী নকৰাকৈ পেৰিছ চুক্তিৰ কথা কোৱাটো অৰ্থহীন । একেটা সময়তে ভাৰতবৰ্ষই উন্নয়নশীল দেশসমূহৰ বাবে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত বান্ধি দিয়া সময়সীমা ২০২৩ লৈ বৃদ্ধি কৰাৰ পক্ষত মত পোষণ কৰিছে । ভাৰতবৰ্ষই স্বেচ্ছাই পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কাৰ্বন নিৰ্গমন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে ইয়াৰ জিডিপিৰ অংশস্বৰূপে সফলভাৱে ২১ শতাংশ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিছে ।পেৰিছ চুক্তি অনুসৰি ৩৫ শতাংশ কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেও ই এক একচন প্লেনৰ জৰিয়তে আগবাঢ়িছে । ভাৰতবৰ্ষই লগতে উন্নত দেশসমূহে কাৰ্বন নিয়ন্ত্ৰণ আৰু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত দেখুওৱা অৱহেলাত অসন্তুষ্টি ব্যক্ত কৰি আহিছে । যদি উন্নত আৰু উন্নয়নশীল দেশসমূহে কাৰ্বন প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অৱজ্ঞা প্ৰদৰ্শন কৰি থাকে,তেন্তে সকলোৱে পৃথিৱীৰ গড় তাপমাত্ৰা বৃদ্ধিৰ ভয়াৱহতাৰ মুখামুখি হ’ব লাগিব। পৰিৱেশ বিশেষজ্ঞসকলৰ মতে তাপমাত্ৰা ৩.৪ ৰ পৰা ৩.৯ শতাংশলৈ বৃদ্ধি পাব । ইয়াৰ মাজতে হঠাতে ইউৰোপি্য়ান ইউনিয়ন ফেডাৰেশ্যনে ২০৫০-ৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰে এক সেউজ বিপ্লৱৰ প্ৰস্তাৱ দাঙি ধৰে। এই কথা স্পষ্ট যে পেৰিছ চুক্তিৰ কাৰ্যকাৰিতা আৰু ইয়াৰ ফলাফল সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ২০২০ ৰ ভিতৰত কাৰ্বন নিৰ্গমন হ্ৰাস আৰু অন্যান্য লক্ষ্যসমূহত উপনীত হোৱা ।

বিগত দহ বছৰত গড়ে প্ৰতি বছৰে ১.৫ শতাংশ গ্ৰীণহাউছ গেছ নিৰ্গত হয়
ইউ এন ডি পি অৰ্থাৎ ইউনাইটেড নেশ্যনছ্ ডেভলপমেণ্ট প্ৰগেমৰ প্ৰতিবেদনতো এটা কথা প্ৰকাশ কৰা হৈছে যে পৰিৱেশত অপ্ৰত্যাশিত পৰিৱৰ্তনৰ ফলত দেশসমূহৰ অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে । গোলকীয় উষ্ণতা, বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগে বেমাৰ,ভাইৰেল জ্বৰ, পুষ্টিকৰ খাদ্যৰ সংকট আদি সমস্যাৰ সৃষ্টি কৰে । এনেবোৰ সমস্যাই আনকি মানুহৰ খাদ্য আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰতো সংকট নমাই আনে। এনে এক জটিল সন্ধিক্ষণত ৰাষ্ট্ৰসমূহে গোলকীয় উষ্ণতা সৃষ্টি কৰা কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে দৃঢ়ভাৱে একতাৰে যুঁজ দিয়াটো উচিত । পৰিৱেশৰ পৰিৱৰ্তন স্বত্বেও যদিও পৰিষ্কাৰ অক্সিজেনৰ মান উন্নত কৰিব পাৰি তেন্তে সৰ্বাংগীন বিকাশৰ লক্ষ্যসমূহত উপনীত হোৱাটো আশা কৰিব পাৰি। ব্যৱসায়ী আৰু বিনিয়োগকাৰী দলসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সন্তোষজনক ফলাফল লাভ কৰিব পাৰি । ইন্ধন আৰু ভূমি ব্যৱহাৰৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন সাধন কৰিও গুণগত পৰিৱৰ্তন লাভ কৰাটো সম্ভৱপৰ। কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত প্ৰয়োজনীয় একচন প্লেনৰ বাবে উন্নত দেশসমূহৰ প্ৰতি কাৰিকৰী আৰু বিত্তীয় সাহায্য প্ৰদান কৰিও নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব পাৰি । আঁকোৰগোজ স্বভাৱ ত্যাগ কৰি দেশসমূহে দায়বদ্ধতাৰে বন্ধুত্বপূৰ্ণ আৰু ধাৰাবহিক প্ৰচেষ্টা চলাই যাব লাগিব। যদি সকলো ৰাষ্ট্ৰই পৰিকল্পনা আৰু দৃঢ়তাৰে আগবাঢ়ি আহে তেন্তে পেৰিছ চুক্তি ৰূপায়ণ কৰাটো কোনোপধ্যে ডাঙৰ সমস্যা হ’ব নোৱাৰে।

গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সচেতনা অনাটো জৰুৰী সাম্প্ৰতিক সময়ত

লগতে চাওকঃ অসমবাসীলৈ জলীউড তাৰকাৰ নৱবৰ্ষৰ শুভেচ্ছা

Intro:Body:

On wrong path, despite big danger ahead

বিপদ স্বত্বেও ভুল ৰাস্তাৰে যাত্ৰা

চি অ’ পি ২৫ৰ বৈঠকৰ পেৰিছৰ লক্ষ্য পূৰণত অৱহেলাঃ

জলবায়ুৰ পৰিৱৰ্তনৰ ফলত সৃষ্ট প্ৰভাৱসমূহে পৃথিৱীখনে সন্মুখীন হ’বলৈ ওলোৱা বৃহৎ প্ৰত্যাহ্বানৰ ইংগিত বহন কৰে । চাৰি বছৰ পূ্ৰ্বে ২০১৫ চনত অনুষ্ঠিত চি অ’ পি অৰ্থাৎ কনফাৰেণ্স অৱ্ পাৰ্টিজ ২৫-ৰ বৈঠকে এই শতিকাৰ শেষৰ ভিতৰত গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।পেৰিছ চুক্তি ৰূপায়ণৰ বাবে উপায় চিন্তা কৰি থকা  সকলো দেশৰ বাবে এই লক্ষ্য আছিল ।

কিন্তু এই সন্মিলনত বিশেষ কোনো ফলাফল নোলোৱাত পেৰিছ চুক্তিৰ উৎসাহ-উদ্দীপনা হ্ৰাস পায় ।

বিগত দহ বছৰত গড়ে প্ৰতি বছৰে ১.৫ শতাংশ গ্ৰীণহাউছ গেছ নিৰ্গত হয় ।

লগতে বিগত কিছু বছৰত ৫৫.৩ জিগা টন কাৰ্বান মন’ক্সাইড নিৰ্গত হোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে । ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এই তথ্যই ভৱিষ্যতৰ ভয়াৱহতাকে প্ৰকট কৰে ।  চি অ’ পি ২৫ সন্মিলনৰ আৰম্ভণিৰ পূৰ্বে ৰাষ্ট্ৰসংঘই ১৯৫ খন দেশে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ বাবে এক একচন প্লেনৰ পোষকতা কৰে ।

এই আলোচনাত উন্নয়নশীল আৰু উন্নত দেশসমূহৰ মাজত সৃষ্টি হোৱা মত পাৰ্থক্যই এক অচলাৱস্থাৰ সৃষ্টি কৰে । সন্মিলন উদ্বোধন কৰি ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিবে দেশসমূহক ৰাষ্ট্ৰীয় সংকল্প আৰু সহযোগিতা লৈ অহা বছৰৰ ভিতৰত ক্ষীপ্ৰতাৰে পৰিৱেশ সম্পৰ্কীয় অভিযানসমূহৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।তেওঁ ২০৫০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন নিয়ন্ত্ৰণ কৰাৰ লগতে গোলকীয় উষ্ণতা ৰোধ কৰাত গুৰুত্ব প্ৰদান কৰে । প্ৰকৃত কথাটো হ’ল

এই হাৰত গোলকীয় উষ্ণতা অব্যাহত থাকিলে পৃথইৱীৰ দেশসমূহে ২০৩০ চনৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিব । গোলকীয় উষ্ণতাই পৃথিৱীত ১.১ শতাংশ তাপমাত্ৰা বৃদ্ধি কৰাৰ ফলত প্ৰাকৃতিক দুৰ্যোগে বহু জীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন কৰিছে । এনেবোৰ কাৰকে উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক দিশটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । বিশ্বৰ দেশসমূহৰ বাবে অপৰিহাৰ্য লক্ষ্য হৈছে ২০২০ চনৰ পৰা ২০৩০ চনলৈকে প্ৰতি বছৰে ৭.৬ শতাশকৈ কাৰ্বন নিৰ্গত হোৱাৰ হাৰ হ্ৰাস কৰা । ভয়াৱহ কথাটো এয়ে যে যদি এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় ২১০০ চনৰ ভিতৰত গোলকীয় তাপমাত্ৰা ৩.২ ডিগ্ৰী বৃদ্ধি পাব পাৰে । সমগ্ৰ পৃথিৱীৰ ভিতৰত ৭৬ শতাংশ গ্ৰীণ হাউছ নিৰ্গত হয় কেইখনমান দেশৰ পৰা । সেই দেশকেইখন হৈছে-আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া, ৰাছিয়া, জাপান, কোৰিয়া, চীন, ভাৰত, মেক্সিকো, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু ইউৰোপিয়ান ইউনিয়নৰ কিছুসংখ্যক দেশ। জি-২০  ৰ অন্তৰ্ভুক্ত বিশখন ৰাষ্ট্ৰৰ সাতখনে কতাৰ্বন নিৰ্গমনৰ হাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এতিয়াও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাটোৱে ধনী দেশসমূহৰ এই সন্দৰ্ভত অৱহেলাকে প্ৰতীয়মান কৰে ।

২০২০ চনৰ পূৰ্বে পেৰিছ চুক্তিৰ টাৰ্গেটসমূহত উপনীত হোৱাৰ বাবে কোনো পদ্ধতিগত ব্যৱস্থা নথকাৰ বাবে ২০২০ চনৰ সন্মিলনৰ পাছত কাৰ্বন আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া একচন প্লেন সন্দৰ্ভত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । কাৰ্বন নিৰ্গত কৰাৰ ক্ষেত্ৰত বিশ্বৰ বিতৰতে দ্বিতীয় স্থানত থকা অৰ্থাৎ ১৫ শতাংশ কাৰ্বন সৃষ্টি কৰা আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰিছ চুক্তি ত্যাগ কৰিব খোজা কথাটোৱে ধনী দেশসমূহৰ গুৰুত্বপূৰ্ণ গোলকীয় বিষয়টোৰ প্ৰতি সদিচ্ছাৰ অভাৱকেই স্পষ্টভাৱে প্ৰতিফলিত কৰে ।

আনহাতে ২৮ শতাংশ কাৰ্বন নিৰ্গত কৰা চীনে নিজৰ লক্ষ্যৰ দিশে আগবঢ়াত বিফল হৈছে । সদস্য ৰাষ্ট্ৰসমূহে পেৰিছ চুক্তিৰ ৬ নং দফাকলৈ সংঘাতত লিপ্ত হৈ আছে । এই দফাই গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ লক্ষ্যৰ কথা উল্লেখ কৰে । কিয়টো প্ৰট’কলৰ পৰা শেহতীয়া পেৰিছ চুক্তিলৈকে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা মতভেদৰ বাবে কাৰ্বন নিৰ্গমন আৰু ক্লীন ডেভলেপমেণ্ট মেকানিছমৰ অন্তৰ্ভুক্ত চি ই আৰ অৰ্থাৎ কাউণ্ট ৰিলেটেড ষ্টেণ্ডাৰ্ড ইউনিট নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই । চি ডি এমৰ মতে উন্নয়নশীল দেশসমূহত এক টন কাৰ্বন গেছ নিয়ন্ত্ৰণ কৰিব পৰাটোক এক ক্ৰেডিট হিচাপে ধৰা হয় । তেনে ক্ৰেডিট বিক্ৰী আৰু ক্ৰয়ৰো এক চুক্তি আছে । ঔদ্যোগিক ক্ষেত্ৰত উন্নত দেশসমূহে তেনেধৰণৰ পঞ্জীয়নকৃত ক্ৰেডিটসমূহ বহনক্ষম উন্নয়নৰ বাবে কাৰ্বনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে । এই ক্ৰেডিট ব্যৱস্থা কিয়টো প্ৰট’কলত অন্তৰ্ভুক্ত কৰা হৈছিল বুলি জনা যায় । ২০২০ চনৰ পূ্ৰ্বে কাৰ্বন নিৰ্গতৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড ইউনিটত উপনীত হোৱা দেশসমূহৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ ফলত দেশসমূহৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয় । যাৰ বাবে পেৰিছ চুক্তিৰ ৬ নং দফাৰ স্পষ্টতাৰ দাবী উত্থাপন হৈছে । 

যিহেতু কাৰ্বন নিৰ্গমনৰ বাণিজ্যৰ লগত জড়িত ৬.২ নং দফা আৰু কাৰ্বন নিয়ন্ত্ৰণৰ লগত জড়িত ৬.৪ দফা সন্দৰ্ভত দেশসমূহৰ মাজত এক নিয়ন্ত্ৰণ নাই সেয়ে ঐক্যমতত উপনীত হোৱাটো অসম্ভৱ । উন্ন,নশীল দেশসমূহৰ এক সম্পূৰ্ণ একচন প্লেনৰ জৰিয়তে সঠিক দিশত পেৰিছ চুক্তি অগ্ৰসৰ হোৱাৰ পথত ই বাধাৰ সৃষ্টি কৰিছে ।

পেৰিছ চুক্তিৰ ডাঙৰ প্ৰত্যাহ্বান হ’ল কাৰ্বন প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় কাৰিকৰী জ্ঞান লাভৰ বাবে দীৰ্ঘকালীন বিত্তীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত দেশসমূহৰ মাজত ঐক্যমতৰ অভাৱ । ভাৰতে গোলকীয় উষ্ণতা আৰু কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত নিজৰ স্থিতি সম্পূৰ্ণভাৱে স্পষ্ট কৰিছে ।

দেশসমূহে ২০২০ ৰ পূ্ৰ্বে প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত নতুন লক্ষ্য নিৰ্ধাৰণ কৰাটো সম্পূ্ৰ্ণৰূপে অপচয় আৰু অপ্ৰয়োজনীয় । ভাৰতে এই সন্দৰ্ভত সমালোচনা কৰি কৈছে যে কিয়টো প্ৰট’কলৰ একচন প্লেন কাৰ্যকৰী নকৰাকৈ পেৰিছ চুক্তিৰ কথা কোৱাটো অৰ্থহীন । একেটা সময়তে ভাৰতবৰ্ষই উন্নয়নশীল দেশসমূহৰ বাবে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত বান্ধই দিয়া সময়সীমা ২০২৩ লৈ বৃদ্ধি কৰাৰ পক্ষত মত পোষণ কৰিছে । ভাৰতবৰ্ষই স্বেচ্ছাই পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কাৰ্বন নিৰ্গমন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে ইয়াৰ জিডিপিৰ অংশস্বৰূপে সফলভাৱে ২১ শতাংশ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিছে ।পেৰিছ চুক্তি অনুসৰি ৩৫ শতাংশ কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেও ই এক একচন প্লেনৰ জৰিয়তে আগবাঢ়িছে । ভাৰতবৰ্ষই লগতে উন্নত দেশসমূহে কাৰ্বন নিয়ন্ত্ৰণ আৰু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত দেখুওৱা অৱহেলাত অসন্তুষ্টি ব্যক্ত কৰি আহিছে । যদি উন্নত আৰু উন্নয়নশীল দেশসমূহে কাৰ্বন প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অৱজ্ঞা প্ৰদৰ্শন কৰি থাকে, তেন্তে সকলোৱে পৃথিৱীৰ গড় তাপমাত্ৰা বৃদ্ধিৰ ভয়াৱহতাৰ মুখামুখি হ’ব লাগিব । পৰিৱেশ বিশেষজ্ঞসকলৰ মতে তাপমাত্ৰা ৩.৪ ৰ পৰা ৩.৯ শতাংশলৈ বৃদ্ধি পাব । 

ইয়াৰ মাজতে হঠাতে ইউৰোপি্য়ান ইউনিয়ন ফেডাৰেশ্বনে ২০৫০-ৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰে এক সেউজ বিপ্লৱৰ প্ৰস্তাৱ দাঙি ধৰে । এই কথা স্পষ্ট যে পেৰিছ চুক্তিৰ কাৰ্যকাৰিতা আৰু ইয়াৰ ফলাফল সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ২০২০ ৰ ভিতৰত কাৰ্বন নিৰ্গমন হ্ৰাস আৰু অন্যান্য লক্ষ্যসমূহত উপনীত হোৱা ।

ইউ এন ডি পি অৰ্থাৎ ইউনাইটেড নেশ্বনছ্ ডেভলপমেণ্ট প্ৰগেমৰ প্ৰতিবেদনতো এটা কথা প্ৰকাশ কৰা হৈছে যে পৰিৱেশত অপ্ৰত্যাশিত পৰিৱৰ্তনৰ ফলত দেশসমূহৰ অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে । গোলকীয় উষ্ণতা, বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগে বেমাৰ, ভাইৰেল জ্বৰ, পুষ্টিকৰ খাদ্যৰ সংকট আদি সমস্যাৰ সৃষ্টি কৰে ।এনেবোৰ সমস্যাই আনকি মানুহৰ খাদ্য আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰতো সংকট নমাোই আনে ।এনে এক জটিল সন্ধিক্ষণত ৰাষ্ট্ৰসমূহে গোলকীয় উষ্ণতা সৃষ্টি কৰা কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে দৃঢ়ভাৱে একতাৰে যুঁজ দিয়াটো উচিত । পৰিৱেশৰ পৰিৱৰ্তন স্বত্বেও যদিও পৰিষ্কাৰ অক্সিজেনৰ মান উন্নত কৰিব পাৰি তেন্তে সৰ্বাংগীন বিকাশৰ লক্ষ্যসমূহত উপনীত হোৱাটো আশা কৰিব পাৰি । ব্যৱসায়ী আৰু বিনিয়োগকাৰী দলসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সন্তোষজনক ফলাফল লাভ কৰিব পাৰি । ইন্ধন আৰু ভূমি ব্যৱহাৰৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন সাধন কৰিও গুণগত পৰিৱৰ্তন লাভ কৰাটো সম্ভৱপৰ । কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত প্ৰয়োজনীয় একচন প্লেনৰ বাবে উন্নত দেশসমূহৰ প্ৰতি কাৰিকৰী আৰু বিত্তীয় সাহায্য প্ৰদান কৰিও নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব পাৰি । আঁকোৰগোজ স্বভাৱ ত্যাগ কৰি দেশসমূহে দায়বদ্ধতাৰে বন্ধুত্বপূৰ্ণ আৰু ধাৰাবহিক প্ৰচেষ্টা চলাই যাব লাগিব । যদি সকলো ৰাষ্ট্ৰই পৰিকল্পনা আৰু দৃঢ়তাৰে আগবাঢ়ি আহে তেন্তে পেৰিছ চুক্তি ৰূপায়ণ কৰাটো কোনোপধ্যে ডাঙৰ সমস্যা হ’ব নোৱাৰে ।

Conclusion:
Last Updated : Jan 1, 2020, 8:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.