ETV Bharat / bharat

গুজৰাটৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান ৰাজ্যবাসীলৈ

author img

By

Published : May 1, 2020, 9:58 AM IST

বৃহস্পতিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান । কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃঢ় সংকল্প লৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' শ্বেয়াৰ কৰাৰ আহ্বান মুখ্য়মন্ত্ৰীগৰাকীৰ ।

On foundation day eve, Rupani asks people to defeat COVID-19

গুজৰাট, ১ মে': শুকুৰবাৰে পালন কৰা হ'ব গুজৰাটৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস । COVID-১৯ ৰ মহামাৰীৰে দেশ, ৰাজ্যখন যুঁজি থকাৰ মাজতেই এই বিশেষ দিনটোৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ জনতাক বিশেষ আহ্বান । এই বিশেষ দিনটোৰ পৰাই সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান জনোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ, সঘনাই হাত ধুবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ নিজকে সংকল্পবদ্ধ কৰি ছ'চিয়েল মিডিয়াতো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰীগৰাকীৰ আত্মবিশ্বাস ৰাজ্যখনে অতি সোনকালৈ মুক্ত হ'ব COVID-১৯ ৰ সংকটৰ পৰা ।

উল্লেখ্য যে, ১৯৬০ চনৰ ১ মে' ত বোম্বাইৰ পৰা পৃথক কৰি নতুনকৈ গঠন কৰা হৈছিল গুজৰাট ৰাজ্যৰ । কিন্তু কৰ'ণা ভাইৰাছৰ বাবে এইবাৰ ঘৰৰ পৰাই এই প্ৰতিষ্ঠা দিৱস পালন কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গুজৰাটত বৰ্তমানলৈকে ৪৩৯৫ টা COVID-১৯ ৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰে মৃত্যু হৈছে ২১৪ জন লোকৰ । মহাৰাষ্ট্ৰৰ পাচতেই আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দ্বিতীয়খন ৰাজ্য হৈছে গুজৰাট ।

ইতিমধ্য চৰকাৰে ১০ কে.জি ঘেঁহু, ১ কে.জি চেনি, ১ কে.জি চানাবুট ৬১ লাখ এপিএল ৰেশ্বন কাৰ্ড থকা সকলক মে' মাহলৈ বিনামূলীয়াকৈ দিয়াৰ ঘোষণা কৰিছে । আনহাতে গৰ্ভৱতী মহিলাৰ বাবে কৰ'ণাৰ পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ লগতে প্ৰায় ৭৭ লাখ পৰিয়ালক এমএ ভাটশ্যালয়া আৰু এমএ আমৰুটম মেডিকেল বীমা আঁচনিৰ অধীনত সাঙুৰি লোৱা হৈছে বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.