নেশ্যনেল ডেস্ক, 20 মে': COVID-19 মহামাৰীৰ ফলত ৰাজহ সংগ্ৰহ কৰিবলৈ অক্ষম হোৱাৰ বাবে অ'লাৰ 1,400 কৰ্মচাৰীয়ে হেৰুৱাব লাগিব চাকৰি ৷ এখন পত্ৰৰ জৰিয়তে কৰ্মচাৰীসকলক এই কথা প্ৰকাশ কৰে অ'লাৰ মূখ্য কাৰ্যবাহী বিষয়াই ৷
অ'লাৰ সহ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ভবিশ আগৰৱালে পত্ৰত কয়, "এই পৰিস্থিতিত মই গ্ৰহণ কৰা সিদ্ধান্তবোৰৰ আটাইতকৈ কঠিন সিদ্ধান্তটো গ্ৰহণ কৰি আপোনালোকলৈ পত্ৰ প্ৰেৰণ কৰিছো ৷ আমাৰ কোম্পানীৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়োজন আহি পৰিছে সেয়েহে 1,400 অতি গুৰুত্বপূৰ্ণ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰিবলৈ বাধ্য হৈছো ৷"
যিসকলে চাকৰিৰ পৰা অব্যাহতি লাভ কৰিব সেই কৰ্মচাৰীসকলে লাভ কৰিব লগা সুবিধাসমূহ হৈছে :
অৰ্থনৈতিক সমৰ্থন : চাকৰিৰ পৰা অব্যাহতি লাভ কৰা কৰ্মচাৰীসকলৰ প্ৰতিজনে আগতীয়াকৈ তিনিমাহৰ দৰমহা লাভ কৰিব ৷ আনহাতে, যিসকল কৰ্মচাৰীয়ে এক দীৰ্ঘসময়ৰ বাবে অ'লালৈ সেৱা আগবঢ়াইছে সেইসকলক চাকৰিৰ পৰা অব্যাহতি দিলেও অধিক টকা প্ৰদান কৰা হ'ব ৷
ESOPs Vesting : যিসকল কৰ্মচাৰীয়ে আমাৰ সৈতে এবছৰ সম্পূৰ্ণ কৰা নাই সেইসকল লোকৰ বাবে আমি pro-rated vesting ৰ ব্যৱস্থা কৰিম ৷
বীমাকৰণ : এই কৰ্মচাৰীসকলে 31 ডিচেম্বৰ, 2020 পৰ্যন্ত অথবা নতুন কোনো চাকৰি লাভ কৰিবলৈ সক্ষম নোহোৱালৈকে মেডিকেল, জীৱন আৰু আকস্মিক দূৰ্ঘটনা সম্পৰ্কীয় বীমাৰ সেৱা নিজৰ আৰু পৰিয়ালৰ বাবে লাভ কৰি থাকিব ৷
স্বাস্থ্য আৰু আৱেগিক কল্যাণ : তৃতীয় পাৰ্টি অংশীদাৰিত্বৰ জৰিয়তে আমি অসীমিত স্বাস্থ্য আৰু আৱেগিক কল্যাণ সেৱা প্ৰদান কৰিম ৷ এই বছৰৰ শেষলৈকে এই সেৱা প্ৰদান কৰা হ'ব ৷ ইয়াৰ জৰিয়তে শীৰ্ষ স্থানৰ চিকিৎসকৰ দ্বাৰা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব ৷
কেৰিয়াৰত সমৰ্থন : আনহাতে, এই কৰ্মচাৰীসকলক আমাৰ অংশীদাৰিত্বৰ অন্য কোম্পানীসমূহত নিযুক্তি প্ৰদান কৰাৰ চেষ্টা কৰিম ৷ অধিক সংখ্যক লোকক এনেদৰে নিযুক্তি লাভ কৰাত সহায়ৰ বাবে আমি Ola Talent Acquisition team ৰ সহায় লৈছো ৷ ইয়াৰোপৰি, কোম্পানীয়ে প্ৰদান কৰা লেপটপসমূহ তেওঁলোকক একেবাৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷