নেশ্য়নেল ডেস্ক , ১ জানুৱাৰী : দেশৰ অন্য়তম তীৰ্থস্থান উৰিষ্য়াৰ পুৰীত বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী নবীন পাটনায়কৰ । ৰাজ্য়খনৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ প্ৰতি লক্ষ্য় ৰাখি শুকুৰবাৰে পুৰীত এক বিমান বন্দৰ স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিলে মুখ্য়মন্ত্ৰী গৰাকীয়ে । বিমানবন্দৰটোৰ নাম শ্ৰী জগন্নাথ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ ৰখাৰো পোষকতা মুখ্য়মন্ত্ৰী গৰাকীৰ ।
পত্ৰখনত তেওঁ উল্লেখ কৰে যে তীৰ্থনগৰীত বিমান বন্দৰ নিৰ্মাণৰ বাবে মাটিও ইতিমধ্য়ে চিনাক্ত কৰিছে ৰাজ্য় চৰকাৰে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত বিমান বন্দৰ স্থাপনৰ সকলো কাম কাজ-ও কৰিব ৰাজ্য় চৰকাৰে । পত্ৰখনৰ জৰিয়তে দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক বিমান বন্দৰ স্থাপনৰ বাবে প্ৰকল্প নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীক নিৰ্দেশ দিবলৈও তেওঁ অনুৰোধ জনায় ।
দেশৰ পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্য়খনৰ গুৰুত্বক প্ৰাসংগিক হিচাবে লৈ তেওঁ কয় যে হিন্দু ধৰ্মৰ ৪ খন বিশেষ ধামৰ ভিতৰত জগন্নাথ অন্য়তম । দেশৰ ভিন্ন প্ৰান্তৰ পৰা বছৰ বছৰ ধৰি ভক্তসকলৰ আগমন হয় এই জগন্নাথ ধামলৈ । ইউনেছকোৰ বিশ্ব ঐতিহ্য় ক্ষেত্ৰ কৰ্ণাকৰ সূৰ্য মন্দিৰ পুৰীৰ পৰা মাত্ৰ ৩৫ কি:মি: নিলগত হোৱাৰ লগতে ৰাজ্য়খনৰ ৰামচণ্ডী-চন্দ্ৰপ্ৰভা সমূদ্ৰ তীৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । মুখ্য়মন্ত্ৰী গৰাকীয়ে জগন্নাথ ৰথ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে বিশ্বৰ ভিতৰতে বিখ্য়াত এই অনুষ্ঠানত দেশ বিদেশৰ লাখ লাখ ভক্তৰ আগমন হয় ।
উল্লেখ যে এই ৰথ যাত্ৰা বিশ্বৰ ১৯২ খন দেশত উদযাপন কৰা হয় । এই সকলো বিষয় পত্ৰ খনত উল্লেখ কৰি তেওঁ কয় যে পুৰীত বিমান বন্দৰ স্থাপন হ'লে দেশ বিদেশৰ জগন্নাথৰ ভক্তসকল অহাত সুবিধা হ'ব আৰু বিশ্বত প্ৰভু জগন্নাথৰ সংস্কৃতিয়ে এক বিশেষ মৰ্যাদা লাভ কৰিব ।
লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানক আক্ৰোশমূলক বদলিৰ অভিযোগ