ETV Bharat / bharat

খোৰডাত বিজেপিৰ মণ্ডল সভাপতিক গুলীয়াই হত্যা - বিজেপি সভাপতি হত্যা

খোৰডাৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলা কালু খাণ্ডিতৰায় আছিল দুষ্কৃতিকাৰীৰ প্ৰথম লক্ষ্য

খোৰডাত বিজেপি সভাপতিক গুলীয়াই হত্যা
author img

By

Published : Apr 15, 2019, 12:47 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ লোকসভা তথা বিধানসভা নিৰ্বাচনৰ সময়তে ওড়িশাৰ খোৰডাত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত বিজেপি দলৰ এগৰাকী মণ্ডল সভাপতি থিতাতে নিহত হয় ৷ ঘটনা অনুসৰি খোৰডা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কালু খাণ্ডিত ৰায়ৰ সৈতে এক নিৰ্বাচনী কেন্দ্ৰত আলোচনাত ব্যস্ত হৈ আছিল দলটোৰ মণ্ডল সভাপতি মাংগুলী জেনা ৷ নিশা ঠিক 12 বজাৰ সময়তে সেই স্থানত বাইকেৰে অহা দুৰ্বৃত্তই খাণ্ডিত ৰায়লৈ লক্ষ্য কৰি শূণ্য দূৰত্বৰ পৰা গুলীচালনা কৰে ৷ গুলীচালনাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় বিজেপিৰ মণ্ডল সভাপতি মাংগুলী জেনা ৷

খোৰডাত বিজেপি সভাপতিক গুলীয়াই হত্যা

আনহাতে গুলীচালনাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা মাংগুলী জেনাক স্থানীয় খোৰডা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক ৷ এই ঘটনাৰ পিচতেই সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ সোমবাৰে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 2 বজালৈ ঘটনাৰ প্ৰতিবাদত বন্ধ ঘোষণা কৰে বিজেপি কৰ্মীসকলে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককে ধৰি বিজেপিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

dsdff
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.