ETV Bharat / bharat

আজৱ: পৃথিৱীৰ আটাইতকৈ কৰ্মী মাতৃ অক্টোপাছ

নিজৰ সন্তানক বুকুৰ মাজত লৈ সাৱটি থাকোতেই ঢলি পৰে মৃত্যুত কোলাত ঢলি পৰা মাতৃ ৷ কিন্তু কিয় সন্তান প্ৰসৱৰ পাচতেই মৃত্য়ু হয় এই মাতৃৰ ? জানিবলৈ চাওক এই প্ৰতিবেদন...

মাতৃ অক্টোপাছ
মাতৃ অক্টোপাছ
author img

By

Published : Aug 1, 2020, 6:33 PM IST

নেশ্যনেল ডেস্ক, 1 আগষ্ট: তেৱেই বোধহয় পৃথিৱীৰ আটাইতকৈ দুখী মাতৃ ৷ যিয়ে নিজৰ সন্তানক বুকুৰ মাজত লৈ সাৱটি থাকোতেই ঢলি পৰে মৃত্যুত কোলাত ৷ অক্টোপাছ ! ভাবিলে হয়তো আচৰিত লাগিব পাৰে,কিন্তু এইয়াই সত্য ৷ এই সামুদ্ৰিক প্ৰাণীবিধৰ এনে পৰিণতি সকলো মাতৃৰ বাবেই বেদনাদায়ক ৷ প্ৰায় 65 হাজাৰ কণী দিয়া অক্টোপাছে সমুদ্ৰ তলৰ শিলাময় স্থানত সযতনে ৰাখি থয় কণীবোৰ ৷ তাৰ পাচতেই আৰম্ভ হয় সিহঁতৰ দীৰ্ঘদিনীয়া অপেক্ষা ৷ সন্তান জন্ম দি এটা সময়ত নিজেই নিঃশেষ হৈ যায় অক্টোপাছসমূহ ৷

মাতৃ অক্টোপাছবোৰ দেখাত কেনেকুৱা হয় ?

অক্টোপাছ প্ৰজাতিৰ ভিতৰতে সৰ্ববৃহৎ হয় মাতৃ অক্টোপাছবোৰ ৷ ওজন হয় প্ৰায় 70 কিলোগ্ৰাম ৷ 5 বছৰীয়া জীৱনকালত মাতৃ অক্টোপাছে এবাৰ সন্তান প্ৰসৱ কৰে ৷ ক্ষেত্ৰত বিশেষে কেতিয়াবা দুবাৰো কৰে ৷

কেনেদৰে কণী দিয়ে মাতৃ অক্টোপাছে ?

এই ক্ষত্ৰত এক গৱেষণা চলাইছিল জীৱ বিজ্ঞানী জিম কোচগ্ৰ'ভে ৷ তেওঁৰ গৱেষণা অনুযায়ী,মাতৃ অক্টোপাছে নিজৰ সন্তানৰ সুস্থ ৰাখিবলৈ সমুদ্ৰৰ তলত কিছুমান সুৰক্ষিত স্থান বিচাৰি ফুৰে ৷ মূলতঃ পানীৰ তলৰ শিলাময় স্থানত এক সংৰক্ষিত গুহা সদৃশ স্থান সাজি তাত আশ্ৰয় লৈ কণীবোৰ চোৱা-চিতা কৰে অক্টোপাছে ৷ যাতে কোনো সামুদ্ৰিক প্ৰাণী বা ডাঙৰ মাছে সেই কণীবোৰ খাই নেপেলায় ৷ অক্টোপাছে কণী ৰক্ষণাবেক্ষণ দিয়া সেই স্থানক অক্টোপাছ ডেন বুলি কোৱা হয় ৷ মাজে সময়ে নিজৰ ভৰিৰ সহায়েৰে কণীবোৰৰ ওপৰত পানী দিয়ে মাতৃ অক্টোপাছে ৷ যাতে কণীবোৰে প্ৰয়োজনীয় অক্সিজেন পায় ৷ বেক্টেৰিয়া বা ভাইৰাছ সমূহৰ পৰা যাতে বাছি থাকে কণীসমূহ ৷ লাহে লাহে সেই কণীবোৰ ফুটি বাহিৰ হয় পোৱালি ৷ তাৰ পাচতো পৰৱৰ্তী ছমাহৰ বাবে মাতৃ অক্টোপাছে এনেদৰেই ৰাখে পোৱালিসমূহ ৷ নিজৰ চিফনৰ সহায়ত সিহঁতে পানীত তৰংগ নিৰ্মাণ কৰে আৰু পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা কৰে ৷

দেখাত কেনেকুৱা হয় অক্টোপাছৰ পোৱালি ?

অক্টোপাছৰ পোৱালিবোৰৰ আকৃতি 6 মিলিমিটাৰ দৈৰ্ঘৰ হয় ৷ সিহঁতৰ ওজন হয় প্ৰায় 0.029 গ্ৰাম ৷ সিহঁতৰ সৰু সৰু 8 খন ভৰি থাকে ৷

পোৱালি জন্ম দিয়াৰ ফলত নিঃশেষ হৈ যায় মাতৃ অক্টোপাছ

নিৰাপদে থকাৰ বাবে সমুদ্ৰৰ তলত প্ৰায় 4 হাজাৰ 600 ফুট গভীৰত বাস কৰে মাতৃ অক্টোপাছ ৷ দীৰ্ঘ সময় সন্তানক লালন পালন কৰি এসময়ত ওজন কমি যায় মাতৃ অক্টোপাছৰ ৷ ক্ৰমান্বয়ে বিবৰ্ণ হা যায়,গাৰ উজ্বল ৰং ধূসৰ হৈ যায় ৷ কিয়নো মাতৃ অক্টোপাছ তেনেকৈ থকাৰ মাত্ৰ এটাই উদ্দেশ্য, সন্তানৰ যত্ন ৰখা ৷ আনকি এই সময়ৰ পৰাই ছমাহলৈ কোনো খাদ্য নোখোৱাকৈ থাকে মাতৃ অক্টোপাছে ৷ কণী কেইটা এৰি ক'লৈকো নাযায় মাতৃ অক্টোপাছ ৷ ধীৰে ধীৰে কণী ফুটি পোৱালিবোৰ ওলাই অহালৈ নিঃশেষ হৈ যায় মাতৃ অক্টোপাছৰ প্ৰাণ ৷

লগতে পঢ়ক: আজৱ: এই হ্ৰদত সকলো প্ৰাণী পৰিণত হয় শিললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.