নিউজ ডেস্ক , ১২ জুনঃ দিল্লীত কন্টেইনমেন্ট জ'নৰ সংখ্যা বাঢ়ি গৈ ২৪২ হ'ল । নতুনকৈ পাচটা অঞ্চল সংযোজিত হোৱাৰ পিছত । সম্প্ৰতি ১৫০১ জন ক'ৰাণা আক্ৰান্ত ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই দিল্লীত ক'ৰণাত আক্ৰান্তৰ সংখ্যা হ'ল গৈ ৩২,৮১০ জন ।
ইপিনে দিল্লীত কন্টেইনমেেন্ট জ'ন উত্তৰ দিল্লীত ৩৫ টা চিনাক্ত হৈছে । নতুন দিল্লীত ১৬ টা,উত্তৰ দক্ষিণ দিল্লীত ২২ টা,দক্ষিণ পশ্চিম দিল্লীত ৩২ টা,পশ্চিম দিল্লীত ২৯টা,পশ্চিম দিল্লীত ১৯ টা,দক্ষিণ পূব দিল্লীত ১৯টা,দক্ষিণ দিল্লীত ৩৪ টা উত্তৰ পূব দিল্লীত ৩ টা,আনহাতে ১৯ টা কেন্দ্ৰীয় দিল্লীত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।
আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাত বহে বুধবাৰে । আনহাতে কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰক সম্পূৰ্ণ সহায় সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰে বুলি কেজৰিৱালে টুইটাৰত উল্লেখ কৰে । ইপিনে কেজৰিৱালৰ কোভিড-১৯ পৰীক্ষা ফলাফল নিগেটিভ অহাৰ পিছতে অমিত শ্বাহৰ বাসগৃহত দুয়ো বৈঠকত মিলিত হয় ।
লগতে পঢকঃ একেৰাহে ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য