নিউজ ডেস্ক, 5 জুলাই : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দেওবাৰে কয় যে, ৰাজ্যখনত কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে ৷ ৰাজ্যখনত বৰ্তমানে কোভিড-19 ৰোগীৰ বাবে 9,900 খন বিচনা খালী হৈ আছে ৷ টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে কেজৰিৱালে ৷ তেওঁ লগতে কয় যে, নিজ গৃহতেই অধিকসংখ্যক কোভিড-19 আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
"দিল্লীত কম সংখ্যক লোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে, অধিকসংখ্যক লোকেই নিজ গৃহতে আৰোগ্য লাভ কৰিছে ৷ বিগত সপ্তাহত প্ৰতিদিনে 2,300 ৰোগী আছিল দিল্লীত, কিন্তু বৰ্তমানে 6,200গৰাকী চিকিৎসাধীন ৰোগীৰ পৰা এই সংখ্য়া 5,300 গৰাকী হৈছে ৷ আজিৰ দিনত 9,900 কোভিড-19 বিচনা খালী হৈ আছে ৷" এইদৰে টুইট কৰে অৰবিন্দ কেজৰিৱালে ৷
-
Less and less people in Delhi are now requiring hospitalisation, more and more people are getting cured at home. Whereas there were around 2300 new patients daily last week, no of patients in hospital has gone down from 6200 to 5300. Today, 9900 corona beds are free
— Arvind Kejriwal (@ArvindKejriwal) July 5, 2020 " class="align-text-top noRightClick twitterSection" data="
">Less and less people in Delhi are now requiring hospitalisation, more and more people are getting cured at home. Whereas there were around 2300 new patients daily last week, no of patients in hospital has gone down from 6200 to 5300. Today, 9900 corona beds are free
— Arvind Kejriwal (@ArvindKejriwal) July 5, 2020Less and less people in Delhi are now requiring hospitalisation, more and more people are getting cured at home. Whereas there were around 2300 new patients daily last week, no of patients in hospital has gone down from 6200 to 5300. Today, 9900 corona beds are free
— Arvind Kejriwal (@ArvindKejriwal) July 5, 2020
দিল্লীত কোভিড-19 আক্ৰান্তৰ আৰোগ্যৰ হাৰ 70শতাংশৰো অধিক হৈছে বুলি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰাৰ লগতে উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোডিয়াই প্ৰকাশ কৰা অনুসৰি, আক্ৰান্তৰ হাৰ 36.94 শতাংশ পৰা 10.58 শতাংশলৈ অৱনমিত হৈছে ৷
ইতিমধ্যে দিল্লীৰ ৰাজ্যপাল লেফ. গৱৰ্নৰ অনিল বাইজলে 10,000 বিচনাযুক্ত চৰ্দাৰ পেটেল কোভিড আৰোগ্য কেন্দ্ৰটো মুকলি কৰিছে, যিটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হিচাপে পৰিগণিত হৈছে ৷ দিল্লীৰ ছত্তৰপুৰ এলেকাত এইটো কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে ৷
কেন্দ্ৰীয় পৰিয়াল কল্য়ান আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দিল্লীৰ কোভিড-19 সূচীখনত এতিয়ালৈকে 94,695গৰাকী লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত 26,148 ৰোগী এতিয়াও সক্ৰিয় হৈ আছে আৰু 65,624 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ লগতে 2,923 গৰাকী ৰোগী মৃত্যুমুখত পৰিছে ৷
লগতে পঢ়কঃ বিহাৰৰ মুখ্যমন্ত্ৰীসহ কাৰ্যালয়ৰ ১৪ গৰাকীৰ কৰ'ণাৰ ৰিজাল্ট নিগেটিভ