ETV Bharat / bharat

NRCৰ অ'ফলাইন বিতৰ্ক : কি হৈছিল ?

author img

By

Published : Feb 12, 2020, 8:54 PM IST

পূৰ্বৰ NRC মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই সময়মতে Wipro ৰ সৈতে চুক্তি পুনঃনবীকৰণ নকৰাৰ বাবে অ'ফলাইন হ'ল NRC ৰ তথ্য ৷ এই মন্তব্য NRC কৰ্তৃপক্ষৰ ৷

অ'ফলাইন হ'ল NRC ৰ তথ্য
NRC ৰ অ'ফলাইন বিতৰ্ক

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) কৰ্তৃপক্ষই Wiproৰ সৈতে চুক্তি পুনঃনবীকৰণ নকৰা বাবে NRC ৰ অ'ফিচিয়েল ৱেবছাইটৰ পৰা অন্তৰ্ধান হৈছিল সকলো তথ্য ৷ ইয়াৰ পাচতে IT ফাৰ্মখনৰ সৈতে কৰা চুক্তি সম্পৰ্কত তথ্য প্ৰদানৰ দাবী কৰি National Informatics Centre ৰ সহযোগত দাখিল কৰা হৈছে RTI আবেদন ৷

NRC কৰ্তৃপক্ষই কিন্তু সকলো তথ্য অ'ফলাইন হোৱাৰ ফলত কোনো ধৰণৰ অপব্যৱহাৰ হোৱা নাই বুলি জনোৱাৰ লগতে সমগ্ৰ দোষ পূৰ্বৰ NRC সমন্বয়ক প্ৰতীক হাজেলাৰ বুলি মন্তব্য কৰে ৷ তেওঁলোকে দাবী কৰে যে, হাজেলাই সময়ত চুক্তি পুনঃনবীকৰণ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হ'ল ৷

বিৰোধী দল কংগ্ৰেছে সমগ্ৰ ঘটনাক 'দূৰ্ভাগ্যজনক' আৰু 'ইচ্ছাকৃত' বুলি মন্তব্য কৰে ৷ আনহাতে, কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ তথ্য সুৰক্ষিত বুলি আশ্বাস প্ৰদান কৰিছে ৷ আনহাতে, এই সম্পৰ্কত Wipro য়ে জানিবলৈ দিয়ে যে, সংশ্লিষ্ট কৰ্তৃপক্ষই সঠিক সময়ত চুক্তিৰ পুনঃনবীকৰণ নকৰা বাবে এনে কাণ্ড সংঘটিত হ'ল ৷

এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে চ'ছিয়েল মিডিয়াৰ জৰিয়তে সকলোৱে কৰ্তৃপক্ষক ধিক্কাৰ দিয়া পৰিলক্ষিত হয় ৷

জ্যেষ্ঠ সাংবাদিক তথা RTI কৰ্মী ছাকেট গোখলেই এক আবেদন দাখিলৰ জৰিয়তে Wipro ৰ সৈতে NRC কৰ্তৃপক্ষই কৰা চুক্তিৰ এক প্ৰতিলিপি প্ৰদানৰ দাবী জনাইছে ৷

আৰু পঢ়ক : ৰাজধানী দিল্লীত জব্দ বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাঃআটক এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.