ETV Bharat / bharat

ইৰান সম্পৰ্কত আমেৰিকাৰ সন্মুখত শিৰনত নহওঁ- ভাৰতীয় দূতাবাস

author img

By

Published : Jul 25, 2020, 7:11 PM IST

তেহৰানস্থিত ভাৰতীয় কূটনীতিবিদ গাদ্দাম ধৰ্মেন্দ্ৰই কয়,"মই ক'ব বিচাৰো যে,আমি একমাত্ৰ দেশ যি ৰুপি-ৰিয়ালৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য কৰি আছো ৷ সঁচা কথা এয়া যে,আমি চাবাহাৰত কাম কৰি আছো,চাবাহাৰৰ বাবে আমি সামগ্ৰী ক্ৰয় কৰি আছো,আমি চাবাহাৰৰ বাবে প্ৰস্তুতি চলাই আছো ৷ চাবাহাৰত কি কৰিব লাগে সেই সম্পৰ্কত আমেৰিকাই আমাক পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই বুলি আমি জনাইছো ৷"

Not Bowing To US Diktats On Iran- Indian envoy
ইৰান সম্পৰ্কত আমেৰিকাৰ সন্মুখত শিৰনত নহওঁ - ভাৰতীয় দূতাবাস

চাবাহাৰ-জাহেদান ৰেল সংযোগী পথ নিৰ্মাণত ভাৰতৰ উপস্থিতি আৰু চাবাহাৰ পৰ্ট আঁচনি সম্পৰ্কত বিবাদ বৃদ্ধি পোৱাত ইৰানিয়ান শাসক আৰু ট্ৰাম্প প্ৰশাসনৰ মাজৰ সম্পৰ্ক বেয়া হৈ আহিছে ৷ এই সম্পৰ্কত ভাৰতে মন্তব্য কৰিছে যে, ই তেহৰানত আমেৰিকান লাইনত স্পৰ্শ কৰা নাই ৷ তেহৰানস্থিত ভাৰতীয় কূটনীতিবিদ গাদ্দাম ধৰ্মেন্দ্ৰই ইংৰাজী বাতৰি কাকত তেহৰান টাইমছৰ জ্যেষ্ঠ সাংবাদিকক জানিবলৈ দিয়ে এই কথা ৷

15 জুলাইত অনুষ্ঠিত হোৱা এক বৈঠকৰ ভিডিঅ' ক্লিপত ধৰ্মেন্দ্ৰই মন্তব্য কৰিছে যে, আন্তৰাষ্ট্ৰীয় প্ৰতিবন্ধকতাৰ এই সময়ছোৱাত ভাৰতেই একমাত্ৰ দেশ যি স্থানীয় ইৰানীয়ান মুদ্ৰাত ব্যৱসায়ৰ সুবিধা প্ৰদান কৰিছে ৷ বৰ্তমান, ভাৰতে ইৰানলৈ বিশেষকৈ চাহ, চাউল আৰু গাড়ীৰ বিভিন্ন অংশ ৰপ্তানী কৰে কিন্তু আমেৰিকাৰ চাপৰ ফলত তেলৰ আমদানী প্ৰায় শূন্য শতাংশ কৰিছে ৷ চেন্ট্ৰেল বেংক অৱ ইৰান (CBI) আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI) এ UCO বেংক আৰু ইৰানৰ ছয়টা বেংকৰ সৈতে সামগ্ৰীৰ আদান-প্ৰদানৰ বাবে স্থানীয় মুদ্ৰাৰ ব্যৱহাৰ কৰি আহিছে ৷

ধৰ্মেন্দ্ৰই লগতে এই কথাও কয় যে, চাবাহাৰ সম্পৰ্কত কি কৰা উচিত সেই বিষয়ে আমেৰিকাই পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই ৷ কূটনীতিবিদ গৰাকীয়ে কয়, "মই ক'ব বিচাৰো যে, আমি একমাত্ৰ দেশ যি ৰুপি-ৰিয়ালৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য কৰি আছো ৷ সঁচা কথা এয়া যে, আমি চাবাহাৰত কাম কৰি আছো, চাবাহাৰৰ বাবে আমি সামগ্ৰী ক্ৰয় কৰি আছো, আমি চাবাহাৰৰ বাবে প্ৰস্তুতি চলাই আছো ৷ চাবাহাৰত কি কৰিব লাগে সেই সম্পৰ্কত আমেৰিকাই আমাক পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই বুলি আমি জনাইছো ৷"

প্ৰথমে এই ভিডিঅ' তেহৰান টাইমছে টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছিল যদিও পাচত টুইটাৰৰ পৰা আঁতৰাই দিয়া হয় ৷ এই ভিডিঅ'টোতে গাড্ডামে কৈছিল যে, দুয়ো দেশৰ মাজত 2018 চনৰ ডিচেম্বৰত এবছৰীয়া চুক্তি অথবা অন্তৱৰ্তীকালিন চুক্তি সাক্ষৰিত হৈছিল আৰু চাবাহাৰৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণ হৈছিল ৷ তেওঁ কৈছিল, "2018 চনৰ ডিচেম্বৰৰ পৰা 2019 চনলৈ এবছৰৰ অন্তৱৰ্তীকালিন চুক্তিত প্ৰায় 6000 টনলৈ বৃদ্ধি পাইছিল সামগ্ৰীৰ আদান-প্ৰদান ৷ ইয়াৰ জৰিয়তে ইৰান আৰু আফগানিস্তানলৈ চাউল, চেনী, ঘেঁহু প্ৰেৰণ কৰা হৈছিল ৷ এই বছৰটোত ট্ৰেফিকৰ ক্ষেত্ৰতো ব্যাপক উন্নতি সাধন হৈছে ৷ কিন্তু এয়া নতুন বন্দৰ ৷ ইয়াৰ বিকাশৰ বাবে সময় লাগিব ৷"

বেইজিঙৰ সৈতে তেহৰানে 25 বছৰীয়া ব্যাপক সহযোগিতা চুক্তিত সাক্ষৰ কৰিবলৈ সাজু হোৱাৰ সময়তে ভাৰতীয়ে কূটনীতিবিদ গৰাকীয়ে এনেদৰে মন্তব্য কৰাটোয়ে তাৎপৰ্য বহন কৰিছে ৷ এই চুক্তিক ইৰানৰ বৈদেশিক মন্ত্ৰীয়ে স্বচ্ছ বুলিও মন্তব্য আগবঢ়াইছিল ৷

ধৰ্মেন্দ্ৰই এই কথাও উল্লেখ কৰে যে, চাবাহাৰ বন্দৰৰ বাবে সামগ্ৰীৰ অৰ্ডাৰ ইটালী, ফিনলেণ্ড, জাৰ্মানী আৰু চীনকো প্ৰদান কৰা হৈছিল আৰু এই বছৰৰ অক্টোবৰ পৰ্যন্ত এই সামগ্ৰীসমূহ লাভ কৰা হ'ব ৷ আকস্মিকভাৱে ভাৰতে বৃহস্পতিবাৰে সাধাৰণ বিত্তীয় নিয়ম, 2017 ৰ সংশোধন কৰে ৷ ইয়াৰ জৰিয়তে ভাৰতৰ সৈতে ৰাষ্ট্ৰীয় সুৰক্ষাত সমস্যা থকা নিকটৱৰ্তী দেশসমূহৰ নিবিদাসমূহক বাধা আৰোপ কৰা হ'ব ৷ চীনৰ অতিৰিক্ত সামূহিক ক্ৰয়ত বাধা আৰোপ কৰিবৰ বাবে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি অনুমান কৰিব পাৰি ৷ 20 জুলাইত ইৰানৰ এজন মন্ত্ৰীৰ সৈতে ভাৰতীয় কূটনীতিবিদৰ বাৰ্তালাপ হৈছিল ৷ ইয়াৰ পাচত ভাৰতীয় দূতাবাসে কৈছিল যে, শেহতীয়া বিবাদৰ বাবে ইৰানে অন্য কোনো নিহিত বিষয়ক দায়ী কৰিছিল ৷

প্ৰথম পৰ্যায়ত ভাৰতে চাবাহাৰৰ শ্বহীদ বেহেশ্বটী বন্দৰৰ কাম আৰম্ভ কৰিব ৷ ভাৰতীয় দূতাবাসে জানিবলৈ দিয়ে, "চাবাহাৰত নতুন বন্দৰ হিচাপে কাম আৰম্ভ হ'ব ৷ বৰ্তমানেও ইয়াৰ কাম চলি আছে আৰু ইয়াৰ জৰিয়তে আমি ব্যৱসায় কৰিম বুলি আশাবাদী ৷ ইয়াৰ পৰা আফগানিস্তান, এছিয়াৰ মধ্যভাগলৈ আজাৰবেইজানৰ জৰিয়তে পৰিবহণ হ'ব ৷ ইৰানৰ বাবে বৰ্তমান মুখ্য বন্দৰ হৈছে বন্দৰ আব্বাছ ৷ চাবাহাৰক উন্নীত কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন হ'ব ৷"

-স্মিতা শৰ্মা

লগতে পঢ়ক : ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.