নেশ্যনেল ডেক্স,27 মেঃ লাডাখৰ চীনো-ভাৰত সীমান্তত বিগত কিছু দিনৰ পৰা বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে, নৰেন্দ্ৰ মোডীৰ ভাৰতবৰ্ষক কোনেও ভয় দেখুৱাব নোৱাৰে । বুধবাৰে আয়োজন কৰা সংবাদমেলত তেখেতক সাংবাদিকে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চলি থকা উত্তেজনা সম্পৰ্কে শোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়-" নৰেন্দ্ৰ মোডীৰ ভাৰতৰ ওপৰত কোনেও চকু দিবলৈকে সাহ নকৰে ।"
চীনো-ভাৰত উত্তেজনাৰ বিষয়ে আন একো মন্তব্য নকৰি মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় । উল্লেখ্য যে, চীনৰ প্ৰধানমন্ত্ৰী জি জিংপিঙে মঙলবাৰে দেশখনৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে, সেনা সকলক যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ কোৱাৰ পিছতেই এই সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ।
মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লাডাখ আৰু ছিকিম সীমান্তত উত্তেজনাৰ লগতে নেপালৰ সৈতে সম্পৰ্ক সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা প্ৰতিবেদন বিচাৰিছিল । পূৱ লাডাখত দুবাৰকৈ ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ পিছতে বিজেপি আৰু কংগ্ৰেছ দলে এটাই আনটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । প্ৰাপ্ত তথ্য অনুসৰি 5 মে'ত লাডাখৰ পাংগং হ্ৰদৰ উত্তৰ পাৰে ভাৰত আৰু চীনা সৈন্যৰ মাজৰ মুখামুখী সংঘাতৰ চাৰি দিন পিছতেই ছিকিমৰ নাকু-লা-পাছত পুনৰ মুখামুখী সংঘৰ্ষত লিপ্ত হয় দুয়োখন দেশৰে সৈন্যসকল ।
2017 চনৰ ডোকলাম সংঘৰ্ষৰ পিছতে এইটোৱেই ভাৰত আৰু চীনৰ মাজত প্ৰথম গুৰুত্বপূৰ্ণ সংঘৰ্ষ ।
লগতে পঢ়ক-এয়াৰ ইণ্ডিয়াৰ যাত্ৰী সকলৰ বাবে সুখবৰ !