ETV Bharat / bharat

26 মে'লৈ পশ্চিম বংগলৈ নচলে কোনো ৰে'লঃ ৰাজ্যিক মুখ্য সচিব - Rajiv Sinha

আম্ফান ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্থ হোৱা পশ্চিমবমগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰে'ল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি 26 মে'লৈ কোনোধৰণৰ বিশেষ ৰে'ল নপঠিয়াবলৈ অনুৰোধ কৰে আৰু এই সময়চোৱাত কোনো লোককে গ্ৰহণ কৰিবলৈ তেওঁলোক অক্ষম বুলি প্ৰকাশ কৰে ।

ৰাজ্যিক মুখ্য সচিব
ৰাজ্যিক মুখ্য সচিব
author img

By

Published : May 23, 2020, 4:29 PM IST

নিউজ ডেস্ক, 23 মে': পশ্চিমবংগ চৰকাৰে ৰে'ল মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰি 26 মে'লৈ কোনো ৰে'ল প্ৰেৰণ নকৰিবলৈ অনুৰোধ জনায় ।

ৰাজ্য চৰকাৰে কয় যে, তেওঁলোকৰ প্ৰশাসনযন্ত্ৰ বৰ্তমান আম্ফানৰ ফলত বিধ্বস্ত হোৱা লোকক সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে সেয়ে তেওঁলোকে ৰে'লেৰে অহা যাত্ৰীক গ্ৰহণ কৰিব নোৱাৰে । সেয়ে 26 মে'লৈ পশ্চিমবংগলৈ কোনো বিশেষ ৰেল প্ৰেৰণ নকৰিবলৈ অনুৰোধ জনোয় বুলি উল্লেখ কৰে ৰাজ্যিক মুখ্য সচিব ৰৱি চিন্হায়।

বুধবাৰে অহা তীব্ৰ ঘূৰ্ণী বতাহৰ ফলত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল পশ্চিমবংগত । ৰাজ্যখনত 72 গৰাকী লোকৰ প্ৰাণহানী হোৱাৰ লগতে নষ্ট হয় বহু পৰিমানৰ সম্পত্তি । প্ৰধানমন্ত্ৰীয়ে এই দুৰ্যোগৰ বাবে ৰাজ্যখনক প্ৰদান কৰিছে 1000 কোটি টকাৰ সাহায্য ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.