ETV Bharat / bharat

কোভিড-১৯ৰ ফলত মৃত্যু হোৱাসকলৰ মৰনোত্তৰ পৰীক্ষা ! - আইচিএমআৰৰ প্ৰতিবেদন

৩২ পৃষ্ঠাজোৰা এক প্ৰতিবেদনত আইএমচিআৰে কয় যে, কোভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকসকলৰ মৰনোত্তৰ পৰীক্ষা নন মেডিকো লিগেল কেছ । কোভিড-১৯ ৰ ফলত মৃত্যু হোৱাসকলৰ বাবে ফৰেনছিক মৰনোত্তৰ পৰীক্ষা গ্ৰহণ কৰা নহ'ব ।

কোভিড-১৯ৰ ফলত মৃত্যু হোৱাসকলৰ মৰনোত্তৰ পৰীক্ষা !

author img

By

Published : May 11, 2020, 11:41 PM IST

নিউজ ডেস্ক, ১১ মে' : কোভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকসকলৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে ফৰেনছিক পৰীক্ষাৰ আশ্ৰয় লোৱা নহ'ব । কিয়নো ইয়াৰ দ্বাৰা চিকিৎসক তথা অন্যান্য কৰ্মীসকলৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আইএমচিআৰে সেইটো হ'বলৈ দিব নোৱাৰে ।

আইচিএমআৰে প্ৰস্তুত কৰি উলিওৱা 'Standard Guidelines for Medico-legal autopsy in COVID-19 deaths in India' নামৰ খচৰাত এই কথা উল্লেখ কৰা হৈছে । এই প্ৰতিবেদনত কোভিড-১৯ৰ ফলত মৃত্যুবৰণ কৰা লোকসকলৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট চিকিৎসকে কৰিব কিন্তু তেওঁৰ মৰনোত্তৰ পৰীক্ষা কৰিবলৈ দিয়া নহ'ব । অৱশ্যে সন্দেহজনক কোভিড-১৯ত মৃত্যুবৰণ কৰা লোকৰ ক্ষেত্ৰত আৰক্ষী তথা আইনী সহায়ৰ বাবে ফৰেনছিক পৰীক্ষা কৰিবলৈ দিয়া হ'ব বুলিও প্ৰতিবেদনখনত কোৱা হৈছে । এইসমূহ ঘটনাৰ ভিতৰত আত্মহত্যা অথবা দূৰ্ঘটনা আদি আছে । প্ৰাথমিক তদন্তৰ পিচত যদিহে সেয়া অপৰাধজনিত বুলি প্ৰমাণিত নহয় তেন্তে তাৰ মৰনোত্তৰ পৰীক্ষা বাতিল কৰিব দিবলৈ কোৱা হৈছে । তদন্তকাৰী বিষয়াক এই সন্দৰ্ভত এনেকুৱা পৰীক্ষাৰ পৰা আঁতৰত থাকিবলৈ কোৱা হৈছে ।

আনহাতে এই প্ৰতিবেদনত কোভিড-১৯ৰ ফলত মৃত্যুবৰণ কৰা লোকসকলৰ মৃতদেহ আইনী নিৰীক্ষণত শ্মশান নাইবা কৱৰস্থলীলৈ লৈ যাবলৈ দিয়া হৈছে আৰু পাঁচগৰাকী লোকৰ উপস্থিতিত অন্তিম সংস্কাৰ সম্পন্ন কৰিবলৈ কোৱা হৈছে । এইসকলো নীতি আন্তঃৰাষ্ট্ৰীয় গুণাগুণৰ ওপৰত ভিত্তি কৰিয়ে প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.