ETV Bharat / bharat

১৪ জুলাই পৰ্যন্ত অষ্ট্ৰেলিয়াৰ পৰা ৰাওণা হ'বলগীয়া সকলো বিমান বাতিল

author img

By

Published : Jul 5, 2020, 5:21 PM IST

বিগত মাহত বন্দে ভাৰত আঁচনিৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এয়াৰ ইণ্ডিয়াই মুঠ ৮ খন বিমানৰ ঘোষণা কৰিছিল । এই বিমানসমূহ ১ জুলাইৰ পৰা ১৪ জুলাইলৈকে চলাচল কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

No flight for Australia till July 14 due
No flight for Australia till July 14 due to Covid-19 imposed restrictions

নিউজ ডেস্ক, ৫ জুলাইঃ ১৪ জুলাইলৈকে বাতিল হ'ল বন্দে ভাৰত আঁচনিৰ অধীনত অষ্ট্ৰেলিয়াৰ পৰা ৰাওণা হ'বলগীয়া সকলো বিমান । কোভিড-১৯ সংকটৰ বাবে অষ্ট্ৰেলিয়াৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক এই আঁচনিৰ অধীনত ৪-১৪ জুলাইলৈকে ভাৰতলৈ উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰিছিল । কিন্তু কোভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে ৰাষ্ট্ৰখনৰ চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি ১৪ জুলাইলৈকে সকলো বিমানৰ উৰণ-অৱতৰণ বাতিল কৰা হৈছে । সেয়েহে ১৫ জুলাইৰ পৰা পুনৰ আৰম্ভ হ'ব বিমানসমূহৰ চলাচল ।

বিগত মাহত বন্দে ভাৰত আঁচনিৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এয়াৰ ইণ্ডিয়াই মুঠ ৮ খন বিমানৰ ঘোষণা কৰিছিল । এই বিমানসমূহ ১ জুলাইৰ পৰা ১৪ জুলাইলৈকে চলাচল কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৩ জুলাইৰ পৰা আৰম্ভ হৈছে বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাম । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই আচঁনিৰ অধীনত প্ৰায় ৭০০ খন বিমানেৰে ১.৫০ লাখ বহিঃৰাষ্ট্ৰত আৱদ্ধ লোকক ভাৰতলৈ উভতাই অনা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.