নিউজ ডেস্ক, 19 মাৰ্চঃ2012 চনত সমগ্ৰ দেশ জোকাৰি যোৱা দিল্লীৰ দলবদ্ধধৰ্ষণ কাণ্ডৰ চাৰি অপৰাধীৰ অন্যতম অপৰাধী অক্ষয় সিঙৰ পত্নীয়ে দাখিল কৰা বিবাহ বিচ্ছেদৰ আবেদনৰ বাবে বৃহস্পতিবাৰে হ’বলগীয়া শুনানীৰ দিনটোত আদালতত অনুপস্থিত থাকে অক্ষয় সিঙৰ পত্নী৷ যাৰ পাছতেই মহামান্য আদালতে 24 মাৰ্চলৈ উক্ত গোচৰৰ শুনানী পিছুৱাই দিয়ে৷
উল্লেখযোগ্য যে, পুনীতা দেৱীয়ে স্বামী অক্ষয় সিঙৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি এখন আবেদন দাখিল কৰিছিল৷ যদিও এই গোচৰৰ শুনানি যোৱা 16 মাৰ্চ তাৰিখে হোৱাৰ কথা আছিল কিন্তু প্ৰিজাইডিঙ বিষয়াৰ অনুপস্থিতিৰ বাবে গোচৰৰ শুনানি আজিৰ তাৰিখত নিৰ্ধাৰণ কৰা হৈছিল৷
ইতিপূৰ্বে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দোষী মুকেশ সিঙৰ পুনৰ বিবেচনাৰ আবেদনক খাৰিজ কৰে৷ আদালতে প্ৰদান কৰা ফাঁচীৰ ৰায়দানক প্ৰত্যাহ্বান জনাই কৰা উক্ত আবেদনৰ জৰিয়তে উক্ত ঘটনাৰ সময়ত অভিযুক্ত মুকেশ 2012 চনৰ 16 ডিচেম্বৰ তাৰিখে চহৰত উপস্থিত নথকা বুলি দাবী কৰিছিল৷
কিন্তু আদালতে 20 মাৰ্চ তাৰিখে পুৱা 5.30 বজাত নিৰ্ভয়াকাণ্ডৰ চাৰি অপৰাধী ক্ৰমেঃ- মুকেশ সিং. অক্ষয় সিং ঠাকুৰ, পৱন গুপ্তা আৰু বিনয় শৰ্মাৰ ফাঁচীৰ ৰায়দান কৰে৷ উল্লেখ্য যে, 2012 চনৰ 16 ডিচেম্বৰ তাৰিখে নিশা দেশৰ ৰাজধানীত এখন চলন্ত বাছত গৈ থকা এগৰাকী পেৰামেডিকেলৰ ছাত্ৰীৰ সৈতে এজন নাবালক সৈতে মুঠ 6 জন লোকে দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত কৰিছিল৷ পৰৱৰ্তী সময়ত এই জঘন্য ঘটনাৰ বলি হোৱা যুৱতীগৰাকী ছিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আকোঁৱালি লৈছিল৷ উক্ত ঘটনাৰ পাছতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দেশব্যাপী উঠিছিল প্ৰতিবাদৰ জোৱাৰ৷
লগতে পঢ়কঃকোভিড-19ত আক্ৰান্ত ব্যক্তিৰ গৃহ মন্ত্ৰালয়ত প্ৰৱেশঃ চাঞ্চল্য