ETV Bharat / bharat

নিৰ্ভয়া বাৰ্ষিকীঃ ধৰ্ষণজনিত অপৰাধ প্ৰৱণতা - unnao rape case

শেহতীয়াকৈ উন্নাও কাণ্ডৰ ক্ষোভ মাৰ নাযাওতেই শনিবাৰে উত্তৰ প্ৰদেশৰ ফাতেহপুৰ জিলাৰ এখন গাঁৱৰ 18 বছৰীয়া এগৰাকী ছোৱালীক অপহৰণ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰা হয় ৷ 90 শতাংশ জ্বলা নিৰ্যাতিতা গৰাকী কাণপুৰ হাস্পতালত যুঁজি আছে জীৱন-মৰণৰ সৈতে ৷ এই লেখাটোৰ জৰিয়তে,শ্ৰীযুত উদয় ভাস্কৰে ভাৰতত ধৰ্ষণকৰাৰীৰ দৰে অপৰাধীৰ সময়সীমাৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰে ৷

Nirbhaya Anniversary:
ধৰ্ষণজনিত অপৰাধ প্ৰৱণতা
author img

By

Published : Dec 16, 2019, 4:38 PM IST

হায়দৰাবাদ,16 ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ ফাতেহপুৰ জিলাত শনিবাৰে এগৰাকী 18 বছৰীয়া ছোৱালীক উপৰ্যুপৰি ধৰ্ষণ কৰা হয় ৷ ধৰ্ষণৰ পিছত জ্বলাই দিয়া অসহায় যুৱতীগৰাকী সম্প্ৰতি কাণপুৰ হাস্পতালত যুঁজি আছে জীৱন-মৰণৰ সৈতে ৷
ভাৰতত একেদিনাই সংঘটিত হোৱা প্ৰায় 100 ধৰ্ষণকাণ্ডৰ মাজৰ এটা ধৰ্ষণকাণ্ড হ'ল 2012 চনৰ 16 ডিচেম্বৰৰ নতুন দিল্লীৰ মুনিৰকাত হোৱা ভয়ংকৰ সামূহিক বলাৎকাৰ অপৰাধ ৷ এই ভয়ংকৰ সামূহিক বলাৎকাৰৰ ঘটনাটোক নিৰ্ভয়া কাণ্ড ৰূপে মনত ৰখা হয় ৷ সেই নিৰ্যাতিতা গৰাকীৰ মাতৃয়ে এতিয়াও কন্যাৰ ন্যায়ৰ বাবে অপেক্ষাৰত অৱস্থাতেই আছে ৷ আশা কৰা হৈছে,এই অপৰাধৰ শুনানি 18 ডিচেম্বৰ অৰ্থাৎ বুধবাৰে কৰা হ'ব ৷

Nirbhaya Anniversary: Tenacity of rape crimes
নিৰ্ভয়া বাৰ্ষিকীঃ ধৰ্ষণজনিত অপৰাধ প্ৰৱণতা

16 ডিচেম্বৰৰ দিনা দিল্লীৰ এখন আদালতত কুখ্যাত উন্নাও ধৰ্ষণৰ গোচৰৰ ৰায় প্ৰদানৰ আশা প্ৰকাশ কৰা হৈছে ৷ য'ত 2017 চনৰ জুন মাহত বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং সেংগৰ আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে নাবালিকা গৰাকীক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছিল ৷ এই ঘটনাৰ মূল অভিযুক্ত হাই প্ৰফাইল ৰাজনৈতিক নেতা ৷ উল্লেখ্য যে, উন্নাও ঘটনাৰ নিৰ্যাতিতা গৰাকী অধিবক্তা আৰু তেওঁৰ পৰিয়ালৰ মানুহৰ সৈতে আদালতলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ গাড়ীখন ৷

যোৱা মাহত ভাৰতৰ বিভিন্ন স্থানত সংঘটিত এনেধৰণৰ নৃশংস বলাৎকাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ভাৰতক ৷ এই কাণ্ডবিলাকে ভাৰতত যে ধৰ্ষণৰ দৰে ঘটনাই কনেধৰণে শিপাই আছে তাকে প্ৰতিফলিত কৰিছে ৷ কিন্তু এইক্ষেত্ৰত এনেধৰণৰ ঘটনাৰ বিপৰীতে সমাজত কোনোধৰণৰ বহনক্ষম তথা প্ৰতিহত কৰিব পৰা পদ্ধতি কোনেও নিৰ্ণয় কৰিব পৰা নাই ৷

ইফালে ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান শাখাই ধৰ্ষণৰ ক্ষেত্ৰত কিছু গম্ভীৰ পৰিসংখ্যা ব্যক্ত কৰিছে ৷ 2017চনত মুঠ ধৰ্ষণৰ সংখ্যা আছিল 33,885 ৷ গড় হিচাপত প্ৰতিদিনে 93 গৰাকী মহিলা ধৰ্ষণৰ বলি হয় ৷ তাৰে ভিতৰত তৃতীয়াংশই আছিল অপ্ৰাপ্তবয়স্ক ৷

তদুপৰি,প্ৰায় 88,000গৰাকী নাৰীয়ে যৌন নিৰ্যাতনৰ ঘটনাৰ গোচৰ ৰুজু কৰিছে ৷ এই হিচাপত প্ৰত্যেক দিনাই গড়ে 240 টা ঘটনা ৰুজু হয় ৷ বিগত মাহত,জাতীয় ক্ষোভৰ কাৰণ হিচাপে সমগ্ৰ দেশত পৰিচিত ঘটনা হায়দৰাবাদৰ পশু চিকিৎসক গৰাকীৰ গণ ধৰ্ষণৰ ঘটনা ৷ ইফালে উন্নাওত ধৰ্ষণকাণ্ডৰ গোচৰৰ বাবে আদালতলৈ যোৱাৰ পথত নিৰ্যাতিতা গৰাকীক জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হয় ৷ পাটনাত এগৰাকী বিশ বছৰীয়া ছাত্ৰীক সামহিক বলাৎকাৰ কৰাৰ দৰে নিৰ্লজ্জ ঘটনা সংঘটিত হয় ৷

''ন্যায় উপেক্ষা হয় যেতিয়া ন্যায় বিলম্ব হয় ''বুলি এষাৰ কথা আছে ৷ হায়দৰাবাদত মহিলা পশু চিকিৎসক গৰাকীৰ ধৰ্ষণত জড়িত চাৰিওটা অভিযুক্তকে এনকাউন্টাৰ যোগে তাৎক্ষণিক বিচাৰ প্ৰদান কৰা হয় ৷ এই পন্থাক বহুতে প্ৰশংসা কৰিছে যদিও ই এক বিপজ্জনক বাৰ্তাৰ ইংগিত কঢ়িয়াইছে বুলিও ক'ব বিচাৰে বহুজনে ৷ প্ৰশাসনক যি ভাৱে শ্ৰদ্ধা কৰা হয় , এই প্ৰতিশোধ পৰায়ণতাৰ স্বভাৱে প্ৰতিশোধ পৰায়ণতাক প্ৰশয় দিয়াৰো আশংকা প্ৰকাশ পায় ৷ ই ভাৰতীয় ন্যায়িক প্ৰণালী ভংগ কৰে যি ( 50 বছৰত)33 মিলিয়নতকৈও অধিক বিষয় বিলম্ব হৈ আছে ৷

ADR - এচ'চিয়েছন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম নামৰ এটা সন্মানিত এন জি অ'য়ে ভাৰতীয় বিধায়কৰ ওপৰত এটা বিস্তৃত সমীক্ষা কৰিছে ৷ কেন্দ্ৰ আৰু ৰাজ্যিক স্তৰত সাংসদ আৰু বিধায়কৰ পৰিণাম আশ্চৰ্যজনক ৷ ADR ৰ ৰিৰ্প'ট অনুসৰি ৰাজনৈতিক দল সমূহৰ ভিতৰত "বিজেপিৰ 21 সাংসদ,কংগ্ৰেছৰ 16 আৰু ৱাই এচ আৰ চি পিৰ 7 গৰাকী সাংসদ/বিধায়কে মহিলাৰ সৈতে সংঘটিত অপৰাধজনিত বিষয়ৰ সম্বন্ধে ঘোষণা কৰে ৷ এইটো একো আশ্বৰ্যকৰ কথা নহয় যে,ভাৰতৰ বলাৎকাৰ সংস্কৃতি সাৰ্থক ৰূপত সমাধান কৰিব পৰাকৈ এটাও ৰাজনৈতিক ইচ্ছাশক্তি নাই ৷ 2020 বৰ্ষত উন্নাও-সেংগাৰ বিষয় তথা দিল্লীৰ নিৰ্ভয়া কাণ্ডলৈকে অন্য বিষয়বোৰ কেনেদৰে পৰ্যালোচনা কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ18 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে CAAৰ বৈধতা সম্পৰ্কত শুনানি গ্ৰহণ কৰিব

Intro:Body:

Nirbhaya

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.