ETV Bharat / bharat

লণ্ডনৰ আদালতত আজি সৰৱ হ'বনে নীৰৱ? - etv bharat

এই মাহতেই 48 বছৰীয়া নীৰৱ মোডীৰ জামিন আবেদন খাৰিজ কৰিছিল ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেট আদালতে ৷ তাৰ পাচৰে পৰাই লণ্ডনৰ দক্ষিণ-পশ্চিম ৱাণ্ডছৱৰ্থ কাৰাগাৰত বন্দী হৈ আছে নীৰৱ মোডী ।

আজি লণ্ডনৰ আদালতত হাজিৰ কৰোৱা হ'ব নীৰৱ মোডীক
author img

By

Published : May 30, 2019, 11:26 AM IST

লণ্ডন, ৩০ মে': আজি লণ্ডনৰ এখন আদালতত হাজিৰ কৰোৱা হ'ব পাঞ্জাৱ নেচনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক । ভাৰতক প্ৰত্যৰ্পন কৰা বিষয়টোক লৈ শুনানি গ্ৰহণ কৰিব আদালতে ।

আনহাতে, এই মাহতেই 48 বছৰীয়া নীৰৱ মোডীৰ জামিন আবেদন খাৰিজ কৰিছিল ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেট আদালতে ৷ তাৰ পাচৰে পৰাই লণ্ডনৰ দক্ষিণ-পশ্চিম ৱাণ্ডছৱৰ্থ কাৰাগাৰত বন্দী হৈ আছে নীৰৱ মোডী ।

উল্লেখ্য যে 19 মাৰ্চত দক্ষিণ পশ্চিম লণ্ডনত আটক কৰা হৈছিল পাঞ্জাৱ নেচনেল বেংকত প্ৰায় 13,500 কোটি টকাৰ জালিয়াতি কাণ্ড সংঘটিত কৰি ভাৰতৰ পৰা পলায়ন কৰা গুজৰাটৰ হীৰা ব্যৱসায়ী নীৰৱ মোডীক ৷ 2018 বৰ্ষৰ মে' মাহত নীৰৱ মোডী তথা এই কাণ্ডৰ আন এক অভিযুক্ত মেহুল চৌক্সিৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল ভাৰতৰ এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ৷ ইয়াৰ পূৰ্বে 21 মাৰ্চত আদালতে নাকচ কৰিছিল নীৰৱ মোডীৰ প্ৰথমখন জামিন আবেদন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.