এৰনাকুলাম,4 জুন: কেৰালাত 23 বছৰীয়া এজন যুৱকৰ তেজৰ নমুনাত ওলাল নিপা ভাইৰাছ ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই সদৰী কৰিছে এই তথ্য ৷ বৰ্তমান এৰনাকুলামৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন ৷
সাংবাদিকৰে সৈতে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে জনায় যে, 23 বছৰীয়া যুৱকজনৰ উপৰিও আন এগৰাকী ব্যক্তিৰ শৰীৰটো নিপা ভাইৰাছৰ লক্ষণ পৰিলক্ষিত হৈছে ৷ দুয়োজন ৰোগীক পৃথক পৃথক ৱাৰ্ডত ৰাখি চিকিৎসা কৰি থকা হৈছে ৷ লগতে জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি পৰিস্থিতি নিযন্ত্ৰণাধীন বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শত অহা আন 86 জন লোকক বৰ্তমান নজৰত ৰখা হৈছে ৷ লগতে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ কেৰেলাৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷
কেৰালাত পুনৰ নিপাতংক - ETV BHARAT
কেৰালাত 23 বছৰীয়া যুৱকৰ তেজ পৰীক্ষাত ওলাল নিপা ভাইৰাছ ৷
এৰনাকুলাম,4 জুন: কেৰালাত 23 বছৰীয়া এজন যুৱকৰ তেজৰ নমুনাত ওলাল নিপা ভাইৰাছ ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই সদৰী কৰিছে এই তথ্য ৷ বৰ্তমান এৰনাকুলামৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন ৷
সাংবাদিকৰে সৈতে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে জনায় যে, 23 বছৰীয়া যুৱকজনৰ উপৰিও আন এগৰাকী ব্যক্তিৰ শৰীৰটো নিপা ভাইৰাছৰ লক্ষণ পৰিলক্ষিত হৈছে ৷ দুয়োজন ৰোগীক পৃথক পৃথক ৱাৰ্ডত ৰাখি চিকিৎসা কৰি থকা হৈছে ৷ লগতে জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি পৰিস্থিতি নিযন্ত্ৰণাধীন বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শত অহা আন 86 জন লোকক বৰ্তমান নজৰত ৰখা হৈছে ৷ লগতে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ কেৰেলাৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷
Nipah virus returns to kerala,23 year old student tests positive
কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত এজন
কেৰালাত 23 বছৰীয়া যুৱকৰ তেজ পৰীক্ষাত ওলাল নিপা ভাইৰাছ৷
এৰনাকুলাম,4 জুন: কেৰালাত 23 বছৰীয়া এজন যুৱকৰ শৰীৰত ওলাল নিপা ভাইৰাছ৷ ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই জানিবলৈ দিয়ে এই কথা৷ বৰ্তমান এৰনাকুলামৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন৷
আজি সাংবাদিকৰে সৈতে হোৱা মুখামুখিত মন্ত্ৰী গৰাকীয়ে জনায় যে, 23 বছৰীয়া যুৱকজনৰ উপৰিও আন আৰু এজন লোকৰ শৰীৰত নিপা ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ পৰিলক্ষিত হৈছে৷ দুয়োজন ৰোগীক পৃথক পৃথক ৱাৰ্ডত ৰাখি চিকিৎসা কৰা হৈছে৷ লগতে আতংকিত হোৱাৰ প্ৰয়োজন নাই,পৰিস্থিতি সুস্থিৰ হৈ থকা বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে৷
জানিব পৰা মতে, আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শত অহা আন 86 জন লোকক বৰ্তমান নজৰত ৰখা হৈছে৷ মন্ত্ৰী গৰাকীয়ে কয় যে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে৷
এৰানাকুলামৰ উপায়ুক্ত মহম্মদ ছৰিফুল্লাই জানিব দিয়া অনুসৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এক বিশেষ দল গঠন কৰা হৈছে৷ লগতে বিশেষ এম্বুলেঞ্চৰ আৰু চিকিৎসালয়ত পৃথকে ৱাৰ্ডৰ ব্যৱস্থাও কৰা হৈছে৷