ETV Bharat / bharat

কোভিড-১৯ ৰ ওপৰত অধ্যয়ন চলাবলৈ মানৱ অধিকাৰ আয়োগৰ বিশেষজ্ঞ কমিটি গঠন - অধ্যয়ন চলাব

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কৰ'ণা মহামাৰীয়ে মানৱ জীৱনত কেনেকুৱা প্ৰভাব পেলাইছে তাক অধ্যয়ন কৰিবলৈ এখন ১১ জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিয়ে । উক্ত কমিটিখনৰ অধ্যক্ষ হিচাপে Public Health Foundation of India ৰ অধ্যক্ষ কে এছ ৰেড্ডীক দায়িত্ব অৰ্পন কৰা হয় ।

nhrc-sets-up-panel-to-study-impact-of-covid-19-on-human-rights

author img

By

Published : Jul 7, 2020, 10:35 PM IST

নিউজ ডেস্ক, ৭ জুলাই : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কৰ'ণা মহামাৰীয়ে মানৱ জীৱনত কেনেকুৱা প্ৰভাব পেলাইছে তাক অধ্যয়ন কৰিবলৈ এখন ১১ জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিয়ে । উক্ত কমিটিখনৰ অধ্যক্ষ হিচাপে Public Health Foundation of India ৰ অধ্যক্ষ কে এছ ৰেড্ডীক দায়িত্ব অৰ্পন কৰা হয় ।

উক্ত কমিটিখনে সমাজৰ মধ্যবিত্ত, নিম্ন বৰ্গৰ লোকক কোভিড-১৯ য়ে কেনেকুৱা প্ৰভাব পেলাইছে সেই বিষয়ে অধ্যয়ন কৰিব । লগতে অধ্যয়নৰ অন্তত কমিটিখনে ভবিষ্যতে সেই সকল নাগৰিকৰ বিকাশৰ বাবে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব । এই কমিটিখনে ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ লগতে প্ৰবাসী ভাৰতীয়ৰ ক্ষেত্ৰতো অধ্যয়ন চলাব । লগতে কৰ'ণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা সমস্যা, নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত অধ্যয়ন চলোৱাৰ লগতে আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ ওপৰতো অধ্যয়ন চলাব । লগতে উক্ত কমিটিখনে কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকক মানৱ অধিকাৰ ভংগ কৰি অন্তিম সৎকাৰ কৰা ঘটনা সন্দৰ্ভতো উত্তৰ প্ৰদেশ চৰকাৰক জাননী প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, মানৱ অধিকাৰৰ নিৰ্দেশ অনুসৰি আয়োগে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, শ্ৰম, মহিলা আৰু শিশু বিকাশ, খাদ্য আৰু সাৰ্বজনীক বিতৰণ, কৃষি বিভাগৰ লগতে বহুতো বিভাগৰ ক্ষেত্ৰতো অধ্যয়ন চলাব বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.