নিউজ ডেস্ক, 28 মে’: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মঙলবাৰে হাৰিয়ানাৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ এক জাননী প্ৰেৰণ কৰে ৷ এজন আৰক্ষী বিষয়াই এগৰাকী মহিলাক ফৰিডাবাদৰ আদৰ্শ নগৰ আৰক্ষী চকীত বেল্টৰে প্ৰহাৰ কৰা এক ভিডিঅ' পোহৰলৈ অহাৰ পিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই জাননী প্ৰেৰণ কৰিছে ৷ ঘটনাটোৰ এটা চাৰি মিনিটৰ ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আয়োগে এই ঘটতাৰ স্পষ্টীকৰণ বিচাৰি এই জাননী প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: জুৰোড বিস্ফোৰণঃ ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
হাৰিয়ানা আৰক্ষীয়ে ইয়াৰ পূৰ্বে এই ঘটনাৰ লগত জঢ়িত 5 জন অভিযুক্তক আটক কৰে বুলি জানিবলৈ দিছে ৷