নেশ্যনেল ডেস্ক, 12 মে' : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) মহিলাৰ বিৰুদ্ধে সঘনে হৈ থকা সকলো ধৰণৰ ভেদভাৱ দূৰ (CEDAW) কৰিবৰ বাবে এখন উপ-সমিতি গঠন কৰিছে ৷ এই উপ-সমিতিৰ লক্ষ্য হৈছে CEDAW ৰ অনুচ্ছেদসমূহৰ সকলো ঘৰুৱা আইন, নীতিগত ব্যৱস্থা আৰু আঁচনিসমূহৰ সঠিক ৰূপায়ন হৈছে নে নাই সেই সম্পৰ্কত দৃষ্টি নিক্ষেপ কৰা ৷
জ্যোতিকা কালৰাৰ অধ্যক্ষতাত নাগৰিক সমাজৰ 6 গৰাকী সদস্যৰ দ্বাৰা এই উপ-সমিতি গঠন কৰা হৈছে ৷