ETV Bharat / bharat

বাষ্টাৰৰ নক্সাল মহিলাক চেনিটেৰী নেপকিন বিতৰণ

author img

By

Published : Nov 13, 2020, 1:13 PM IST

অঞ্চলটোৰ প্ৰায় ৫০ শতাংশ মহিলাই নক্সাল সংগঠনত কাম কৰে । এই মহিলাসকলে ঋতুস্ৰাৱৰ সময়তো অৰণ্যৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিত কাম কৰিবলৈ বাধ্য হয় ।

NGO offers Sanitary Napkins to Women Naxalites
বাষ্টাৰৰ নক্সাল মহিলাক চেনিটেৰী নেপকিন বিতৰণ

নিউজ ডেস্ক, 13 নৱেম্বৰ: ছত্তিশগড়ত নক্সাল সংগঠনত কাম মহিলাসকলৰ বাবে এইবাৰ দিপাৱলীত এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে বিতৰণ কৰিব চেনিটাৰী নেপকিন । ৰাজ্যখনৰ নক্সাল অধ্যুষিত অঞ্চল বাষ্টাৰত শান্তি আলোচনা আৰম্ভ কৰাৰ বাবে 'নতুন শান্তি প্ৰক্ৰিয়া' অভিযানৰ অংশ হিচাপে স্বেচ্ছাসেৱী সংগঠনটোৱে দিপাৱলী উপলক্ষে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

বাষ্টাৰৰ প্ৰায় 15 হেজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল নক্সালৰ প্ৰভাৱত আছে । অঞ্চলটোৰ প্ৰায় ৫০ শতাংশ মহিলাই নক্সাল সংগঠনত কাম কৰে। ইয়াৰে প্ৰায় ২,৫০০ মহিলাই সক্ৰিয়ভাবে সংগঠনটোত কাম কৰি আছে । এই মহিলাসকলে ঋতুস্ৰাৱৰ সময়তো অৰণ্যৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিত কাম কৰিবলৈ বাধ্য হয় । স্বেচ্চাসেৱী সংগঠনটোৱে চেনিটেৰী নেপকিনৰ প্ৰায় 2,500 টা পেকেট উপহাৰ হিচাপে দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ বাবে সংগঠনটোৱে অনলাইন প্ৰক্ৰিয়াৰে ধন সংগ্ৰহ কৰিছে । সংগঠনটোক মহিলাৰ বিষয়ত আৰু গ্ৰাম্য স্বাস্থ্যৰ ওপৰত কাম কৰা কিছুমান সংগঠনেও সহায়ৰ আশ্বাস দিছে ।

উল্লেখ্য যে,নক্সাল সমস্যাৰ দ্বাৰা প্ৰভাৱিত লেটিন আমেৰিকান দেশ কলম্বিয়াতো একে ধৰণৰ প্ৰক্ৰিয়া চলি আছে । খ্ৰীষ্টমাছ তথা অন্য়ান্য উৎসৱ পাৰ্বনত গেৰিলা যোদ্ধাসকললৈ উপহাৰ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ ইতিবাচক ফলাফল শান্তিৰ দিশত নিৰ্ণয় কৰা হৈছিল ।

লগতে পঢ়ক: গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰৰ পৰা ফটো আঁতৰালে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.