ETV Bharat / bharat

আগন্তক তিনি মাহে নিৰ্ণয় কৰিব দেশৰ ক'ভিড-19 পৰিস্থিতি : হৰ্ষ বৰ্ধন - ৰাষ্ট্ৰীয়

উত্তৰ প্ৰদেশত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা ৷ কৰ'ণা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ আগন্তক তিনি মাহৰ ভিতৰত কৰ'ণা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Next three months decisive in determining COVID situation in country: Harsh Vardhan
আগন্তক তিনি মাহৰ ভিতৰত ক'ভিড-19 নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'মঃ হৰ্ষ বৰ্ধন
author img

By

Published : Oct 24, 2020, 12:44 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে শুকুৰবাৰে কয় যে, পৰৱৰ্তী তিনি মাহৰ ভিতৰত দেশত ক'ভিড-19 পৰিস্থিতি নিৰ্ধাৰণ কৰাত সহায়ক হ'ব আৰু যদিহে সকলোৱে সাৱধানতা তথা নীতি-নিয়ম পালন কৰে তেতিয়াহ'লে আগন্তক মহোৎসৱ আৰু শীতকালত ক'ভিড-19 ক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম ৷

উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত ভাষণ দি বৰ্ধনে কয় যে, ক'ভিড-19 ৰ সৈতে যুদ্ধ কৰাৰ বাবে আমি উপযুক্ত ব্যৱস্থা হাতত লোৱা হৈছে । গতিকে, আমি যদিহে সাৱধানতা আৰু নীতি-নিয়ম পালন কৰো তেতিয়াহ'লে আমি কৰ'ণাক প্ৰতিহত কৰিব পাৰিম বুলি উল্লেখ কৰে ৷ ইফালে, উত্তৰ প্ৰদেশত কৰ'ণা প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৰ বাবে চৰকাৰক ধন্যবাদ জনায় ৷

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'ভিড-19 প্ৰতিৰোধৰ বাবে শিশুসকলক প্ৰতিষেধক দিয়াৰ বাবেও উত্তৰ প্ৰদেশৰ প্ৰচেষ্টাক প্ৰশংসা কৰে । তেওঁ আকৌ জনাই যে, উত্তৰ প্ৰদেশত ক'ভিড-19 মৃত্যুৰ হাৰ 1.46 ৷ যি ৰাষ্ট্ৰীয় গড়তকৈ কম ৷ আনহাতে, ৰাজ্যখনৰ আৰোগ্য হোৱা ৰোগীৰ হাৰ 92.2 শতাংশ ৷ যি ৰাষ্ট্ৰীয় আৰোগ্য হাৰতকৈ অধিক ।

লগতে পঢ়ক : মৰিগাঁৱৰ দুৰ্গা পূজাত বৰষুণৰ বিধি-পথালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.