ETV Bharat / bharat

কেপিট'ল আক্ৰমণৰ অপৰাধত গ্ৰেপ্তাৰ ন্য়ায়াধীশৰ পুত্ৰ - কেপিট'ল

কিংগছ কাউন্টি উচ্চতম ন্য়ায়ালয়ৰ ন্য়ায়াধীশ ষ্টিভেন মোস্তফস্কিৰ পুত্ৰ আৰোন মোস্তফস্কিক কেপিট'ল ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি চুৰি কৰা ,অবৈধ ভাৱে প্ৰৱেশ কৰা আৰু বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ দাখিল কৰা হৈছে ।

কেপিট'ল আক্ৰমণৰ অপৰাধত গ্ৰেপ্তাৰ ন্য়ায়াধীশৰ পুত্ৰ

author img

By

Published : Jan 13, 2021, 2:23 PM IST

নিউজ ডেস্ক , ১৩ জানুৱাৰী : যোৱা ৬ জানুৱাৰীত আমেৰিকাৰ কেপিট'ল আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । তাৰ পিছতে এই ঘটনাৰ লগত জড়িত লোকসকলৰ ক্ষেত্ৰত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰা দেখা গৈছে সংশ্লিষ্ট বিভাগসমূহে । ইয়াৰ মাজতে এই ঘটনাত এজন ন্য়ায়াধীশৰ পুত্ৰৰ নাম সাঙোৰ খাইছে । প্ৰায় এসপ্তাহ পিছত ঘটনাত জড়িত থকাৰ অভিযোগত নিউয়ৰ্কৰ এগৰাকী ন্য়ায়াধীশৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । এটা সংবাদ প্ৰতিস্থানে প্ৰকাশ কৰা তথ্য় অনুসৰি কিংগছ কাউন্টি উচ্চতম ন্য়ায়ালয়ৰ ন্য়ায়াধীশ ষ্টিভেন মোস্তফস্কিৰ পুত্ৰ আৰোন মোস্তফস্কিক কেপিট'ল ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি চুৰি কৰা ,অবৈধ ভাৱে প্ৰৱেশ কৰা আৰু বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ দাখিল কৰা হৈছে ।

ইয়াৰ মাজতে চিএনএনৰ তথ্য় অনুসৰি ন্য়ায় বিভাগে কেপিট'ল আক্ৰমণৰ লগত জড়িত ল'নি লেৰোয় কফমেন আৰু মাৰ্ক জেফাৰচন লেফিঙৱেল নামৰ দুজন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ফেডাৰেল গ্ৰাণ্ড জুৰি জালিয়াতিৰ অভিযোগ দাখিল কৰিছে ।

অলবামাৰ দুগৰাকীক যোৱা সপ্তাহতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তথ্য় অনুসৰি কফমেনৰ বিৰুদ্ধে অবৈধ ভাৱে মাৰণাস্ত্ৰলৈ কেপিট'লত প্ৰৱেশ কৰাৰ লগতে প্ৰায় ১৭ টাকৈ বিভিন্ন গোচৰ ৰুজু কৰা হৈছে আৰু লেফিঙৱেলৰ বিৰুদ্ধে কেপিটল আক্ৰমণ সন্দৰ্ভত ৭ টাকৈ গোচৰ ৰুজু কৰা হৈছে ।

উল্লেখ যে কেপিট'লত প্ৰতিবাদ সাব্য়স্ত কৰা প্ৰায় ১৫০ গৰাকী ব্য়ক্তিৰ বিৰুদ্ধে অভিযান অব্য়াহত ৰাখিছে অনুসন্ধানকাৰী সংস্থাই ।

লগতে পঢ়ক :মাৰ্কিন কেপিট’ল হিংসা : 70 গৰাকীৰ বিৰুদ্ধে অভিযোগ এফবিআইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.