ETV Bharat / bharat

মিজোৰামত পুনৰ এগৰাকী কৰ‘ণা ৰোগীৰ মৃত্যু - Covid-19 death

মিজোৰামৰ জ‘ৰাম মেডিকেল কলেজত মৃত্যু হৈছে এগৰাকী ক‘ৰণা ৰোগীৰ ৷ দেওবাৰে মৃত্যু হোৱা লোকজনৰ পাছতেই ৰাজ্যখনত মুঠ কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি হৈছে ৷

New Covid-19 death in Mizoram
মিজোৰামত কৰ‘ণা ৰোগীৰ মৃত্যুৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Jan 10, 2021, 9:57 PM IST

আইজল, 10 জানুৱাৰী: মিজোৰামত ক‘ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে আন এগৰাকী লোকৰ ৷ মৃত লোকজন মিজোৰামৰ মামিট জিলাৰ বাসিন্দা লখি ধন চাকমা (57) বুলি জানিব পৰা গৈছে ৷

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, দেওবাৰে দুপৰীয়া 2.30 বজাত মৃত্যু হয় কৰ‘ণাত আক্ৰান্ত ৰোগীজনৰ ৷ লোকজন 21 ডিচেম্বৰৰ পৰা জ‘ৰাম মেডিকেল কলেজৰ আই.চি.ইউ.ত চিকিৎসাধীন হৈ আছিল ৷ লোকজনৰ নিমুনিয়াৰ বাবে হোৱা পৰীক্ষাৰ পাছতে লোকজন ক‘ৰণাত আক্ৰান্ত হিচাপে চিনাক্ত হৈছিল ৷

উল্লেখযোগ্য যে, আজি কৰ‘ণা ৰোগীজনৰ মৃত্যৰ পাছতেই ৰাজ্যখনত মুঠ কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি হৈছে ৷ দেওবাৰৰ দিনটোত ৰাজ্যখনত কৰ‘ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা 6 গৰাকী লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ ৰাজ্যখনত দেওবাৰে পুৱাৰ তথ্য অনুসৰি ৰাজ্যখনত সক্ৰিয় কৰ‘ণা ৰোগীৰ সংখ্যা 91 গৰাকীলৈ হ্ৰাস পাইছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 81লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.