ETV Bharat / bharat

চীনৰ দ্বাৰা প্ৰৰোচিত নহৈ নেপালে ভাৰতৰ সৈতে বন্ধুত্ব অব্যাহত ৰখা উচিত : BSP

author img

By

Published : Jun 21, 2020, 2:21 PM IST

ভাদোৰিয়াই সাংবাদিকক কয়, "মই ক'ব বিচাৰিম যে, নেপাল চীনৰ দ্বাৰা প্ৰৰোচিত হোৱা অনুচিত ৷ সেয়েহে, মই ভাৱো যে, নেপালে পক্ষপাতমূলক ভূমিকা গ্ৰহণৰ পৰা বিৰত থকা উচিত ৷ ভাৰতৰ সৈতে তেওঁলোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখা উচিত ৷"

বহুজন সমাজ পাৰ্টীৰ (BSP) ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধীন্দ্ৰ ভাদোৰিয়া
চীনৰ দ্বাৰা প্ৰৰোচিত নহৈ নেপালে ভাৰতৰ সৈতে বন্ধুত্ব অব্যাহত ৰখা উচিত : BSP

নেশ্যনেল ডেস্ক, 21 জুন : নেপালে ভাৰতীয়ৰ বাবে নাগৰিকত্ব আইন সংশোধন কৰাৰ বাবে সমালোচনা কৰে বহুজন সমাজ পাৰ্টীৰ (BSP) ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধীন্দ্ৰ ভাদোৰিয়াই ৷ কাঠমাণ্ডুয়ে চীনৰ দ্বাৰা প্ৰৰোচিত হোৱা অনুচিত আৰু নতুন দিল্লীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখা উচিত বুলি ভাদোৰিয়াই মন্তব্য কৰে ৷

নেপালৰ নাগৰিকত্ব আইন সংশোধন
বহুজন সমাজ পাৰ্টীৰ (BSP) ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধীন্দ্ৰ ভাদোৰিয়া

ভাদোৰিয়াই সাংবাদিকক কয়, "মই ক'ব বিচাৰিম যে, নেপাল চীনৰ দ্বাৰা প্ৰৰোচিত হোৱা অনুচিত ৷ সেয়েহে, মই ভাৱো যে, নেপালে পক্ষপাতমূলক ভূমিকা গ্ৰহণৰ পৰা বিৰত থকা উচিত ৷ ভাৰতৰ সৈতে তেওঁলোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখা উচিত ৷"

ভাদোৰিয়াই লগতে কয়, "ভাৰত-নেপালৰ সম্পৰ্ক বহু পুৰণি ৷ মই ভাবো ভাৰত আৰু নেপালে বৈঠকৰ জৰিয়তে সমস্যাৰ সমাধান কৰা উচিত ৷"

ভাৰত-চীন সীমান্ত বিবাদ সম্পৰ্কত কূটনৈতিক বিবৃতি জাৰি কৰাৰ কেইঘন্টামানৰ পূৰ্বে নেপালে শনিবাৰে ভাৰতৰ বাবে নাগৰিকত্ব আইনৰ সংশোধন কৰে ৷ এই সম্পৰ্কত নেপালৰ গৃহমন্ত্ৰী ৰাম বাহাদুৰ থাপাই কয় যে, ভাৰতৰ নাগৰিকত্ব আইনৰ সংশোধনীৰ ওপৰত ভিত্তি কৰিয়ে নেপাল চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷

থাপাই ঘোষণা কৰে যে, নেপালৰ নাগৰিকৰ সৈতে কোনো ভাৰতীয় মহিলাই বিবাহপাশত আৱদ্ধ হ'লে অতি কমেও 7 বছৰৰ বাবে নাগৰিকত্বৰ বাবে অপেক্ষা কৰিব লাগিব ৷

লগতে পঢ়ক : ভাৰতৰ ক্ষেত্ৰত নেপালে সংশোধন কৰিলে নাগৰিকত্ব আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.