ETV Bharat / bharat

নেপালৰ ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনা

author img

By

Published : Jun 13, 2020, 4:38 PM IST

নেপাল সংসদৰ মুখ্য প্ৰবক্তা ৰোজনাথ পাণ্ডে কয় যে, বৈঠকৰ শেষত উত্থাপিত হোৱা এই বিষয়ত বিলখন অনাৰ বাবে সকলোকে নিজৰ নিজৰ মত প্ৰদানৰ অনুমতি দিয়া হ'ব । সূত্ৰই জনোৱা মতে, বিলখন সৰহ সংখ্যকে সমৰ্থন কৰিছে । কিয়নো বিৰোধী নেপালী কংগ্ৰেছ আৰু জনতা সমাজ পাৰ্টিয়ে নতুন নক্সাক অন্তৰ্ভুক্ত কৰি সংবিধানৰ ৩নং অনুসূচীত ৰাষ্ট্ৰীয় প্ৰতীকৰো সংশোধন কৰাৰ হেতু চৰকাৰী বিল ওভতাই দিবলৈ প্ৰতিশ্ৰুতি দিয়ে ।

নেপাল সংসদৰ বৈঠক: ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনা
নেপাল সংসদৰ বৈঠক: ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনানেপাল সংসদৰ বৈঠক: ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ১৩ জুন: নেপালৰ দেশীয় মানচিত্ৰ সলনি কৰা সন্দৰ্ভত শনিবাৰে নেপাল সংসদত অনুষ্ঠিত হয় এখন বিশেষ বৈঠক । বৈঠকত সংবিধান সংশোধন বিলৰ ওপৰত আলোচনা হোৱাৰ হয়,য'ত ভাৰতৰ সৈতে সীমান্তৱৰ্তী লিপুলেখ,কালাপানী আৰু লিম্পিয়াধুৰাৰ সংযোজিত কিছু অঞ্চলৰ দাবী উত্থাপন কৰা হয় ।

নেপাল সংসদৰ বৈঠক: ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনা
নেপাল সংসদৰ বৈঠক: ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনা

সংসদৰ মুখ্য প্ৰবক্তা ৰোজনাথ পাণ্ডে কয় যে,বৈঠকৰ শেষত উত্থাপিত হোৱা এই বিষয়ত বিলখন অনাৰ বাবে সকলোকে নিজৰ নিজৰ মত প্ৰদানৰ অনুমতি দিয়া হ'ব । সূত্ৰই জনোৱা মতে,বিলখন সৰহ সংখ্যকে সমৰ্থন কৰিছে । কিয়নো বিৰোধী নেপালী কংগ্ৰেছ আৰু জনতা সমাজ পাৰ্টিয়ে নতুন নক্সাক অন্তৰ্ভুক্ত কৰি সংবিধানৰ ৩নং অনুসূচীত ৰাষ্ট্ৰীয় প্ৰতীকৰো সংশোধন কৰাৰ হেতু চৰকাৰী বিল ওভতাই দিবলৈ প্ৰতিশ্ৰুতি দিয়ে ।

নেপালৰ জ্যেষ্ঠ মন্ত্ৰী এগৰাকীয়ে কয় যে,এই বিলখনৰ সংশোধন সৰ্বসন্মতি ক্ৰমেহে কৰা হ'ব । লগতে নিম্ন সদনৰ ২৭৫ জন সদস্যৰ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থৰো আৱশ্যক । বিলখন নিম্ন সদনত পাছ হোৱাৰ পিছত লোকসভালৈ পঠিওৱা হ'ব আৰু লোকসভাতো একেই প্ৰক্ৰিয়া সম্পন্ন হ'ব । লোকসভাত পাছ হোৱাৰ পিছত বিলখন ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে পঠিওৱা হ'ব আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতহে বিলখন সংবিধানত অন্তৰ্ভুক্ত বুলি ঘোষণা কৰা হ'ব ।

নেপাল চৰকাৰে বুধবাৰে সীমাৰ সৈতে জড়িত ঐতিহাসিক তথ্যসমূহ উলিয়াবলৈ বিশেষজ্ঞসকলৰ ৯ টা দল গঠন কৰি দিয়ে । ইফালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৮ মেত উত্তৰাখণ্ডৰ ধাৰচুলাৰ পৰা লিপুলেখ পাছত সংলগ্ন কৰা ৮০ কিলোমিটাৰ দৈৰ্ঘৰ ৰাজনৈতিক পথটো মুকলি কৰাৰ পিছত ভাৰত-নেপালৰ মাজৰ সম্পৰ্ক সংকটপূৰ্ণ হৈ পৰিছে ।

বিগত মাহত কাঠমাণ্ডুৱে সংশোধিত ৰাজনৈতিক আৰু প্ৰশাসনিক মানচিত্ৰ জাৰি কৰাৰ পিছত নতুন মানচিত্ৰখনৰ তিনিটা স্থান ভাৰতৰ বুলি ভাৰত চৰকাৰে দাবী কৰে । ভাৰতে সংৰক্ষণ কৰি ৰখা নেপালৰ মাটি মত-বিনিময়ৰ জৰিয়তে ঘূৰাই ল'ব বুলি নেপাল সংসদত আলোচনা কৰা হয় ।

লগতে পঢ়ক: প্ৰেমিক প্ৰেমিকাৰ গোপন মুহূৰ্তৰ বাবে মত্যুমুখত এটি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.