নিউজ ডেস্ক, 26 অক্টোবৰ : জম্মু-কাশ্মীৰক ভাৰতৰ সৈতে সংলগ্ন কৰা আৰু এই প্ৰক্ৰিয়াত হোৱা বিলম্বৰ বাবে প্ৰধান দায়ী দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ৷ দেওবাৰে এই অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ৷ জম্মু-কাশ্মীৰ অভিযোজন দিৱস উপলক্ষে দেওবাৰে এক প্ৰশ্নোত্তৰ শিতানত ভাগ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হোৱাৰ সময়ত স্বাধীন ভাৰত অংশ হোৱাৰ পৰা কাশ্মীৰ বাদ পৰি ৰোৱাৰ বাবে প্ৰধান দায়ী জৱাহৰলাল নেহৰু ৷ জম্মু-কাশ্মীৰক ভাৰতৰ অভিন্ন অংগ হিচাপে পৰিগ্ৰহণত হোৱা বিলম্ব সন্দৰ্ভত এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
জীতেন্দ্ৰ সিঙে কয় যে, "বৰ্তমানে জম্মু-কাশ্মীৰ পৰিগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পথত আৰু এয়া চূড়ান্ত কৰা হৈছে ৷ এই সমস্যাৰ অন্তৰালত মহাৰাজা হৰি সিং নহয়, কিন্তু প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু জড়িত আছিল আৰু হৰি সিঙৰ বিপৰীতে শ্বেইখ আব্দুল্লাৰ সিদ্ধান্তত সমৰ্থন দিছিল ৷" যদিহে সেই সময়ত গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক বাকীসমূহ ৰাজশাসিত অঞ্চলৰ দৰে জম্মু-কাশ্মীৰৰ দায়িত্ব প্ৰদান কৰা হ'লহেতেন তেতিয়া আজিৰ দিনত উদ্ভৱ হোৱা বহুটো সমস্যা গুৰিতেই সমাধান হ'লহেতেন ৷ ভাৰতৰ ইতিহাসৰ এয়া এক চূড়ান্ত আৰু অক্ষমনীয় ভুল আছিল যিটো নেহৰুৱে কৰিছিল বুলি কয় সিঙে ৷ সিঙৰ মতে চৰ্দাৰ পেটেলক জম্মু-কাশ্মীৰ অভিযোজনৰ দায়িত্ব প্ৰদান কৰিলে পাকিস্তান অধ্যষুতি কাশ্মীৰ আজি ভাৰতৰ অংশ হিচাপে থাকিলহেতেন ৷ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা নেহৰুৱে গৃহমন্ত্ৰী চৰ্দাৰ পেটেলক কিয় এই কাম কৰিব নিদিলে বুলি প্ৰশ্ন উত্থাপন কৰে জীতেন্দ্ৰ সিঙে ৷
কিন্তু চৰ্দাৰ পেটেলৰ একান্ত প্ৰচেষ্টাত ভাৰতীয় বাহিনীয়ে শ্ৰীনগৰত উপস্থিত হৈছিল আৰু পাকিস্তানৰ হাতৰ পৰা জম্মু-কাশ্মীৰৰ বাকী অংশসমূহ ৰক্ষা কৰিছিল ৷ কিন্তু নেহৰুৱে ইয়াতো বিলম্ব কৰিছিল আৰু ভাৰতীয় বাহিনীয়ে পাকিস্তানত খেদি পঠিওৱাত বিলম্ব হোৱাৰ লগতে এয়া নেহৰুৱে শ্বেইখ আব্দুল্লাৰ সৈতে লগ-লাগি ইচ্ছাকৃতভাৱে কৰিছিল ৷ মহাৰাজা হৰি সিঙৰ সৈতে হোৱা চুক্তিখন সেইসময়ৰ বাকীসমূহ ৰাজশাসিত অঞ্চলৰ সৈতে কৰা চুক্তিৰ দৰেই একেই আছিল ৷ কিন্তু অনুচ্ছেদ 370 আৰু 35 (A)ৰ দৰে বিতৰ্কিত অংশসমূহ পৰৱৰ্তী সময়ত সংবিধান সংশোধন কৰি সংযোজন কৰা হৈছিল ৷ ইতিহাসে মহাৰাজা হৰি সিঙৰ সৈতে কৰা ব্যৱহাৰ পক্ষপাতিত্বমুলক ৷ কিন্তু বৰ্তমান সময়ত ভৱিষ্যত প্ৰজন্মৰ বাবেই এই ইতিহাস পৰিৱৰ্তন হ'ব আৰু আজিৰ দিনত অভিযোজন কাৰ্য সম্পূৰ্ণ হ'ব ৷
লগতে পঢ়ক : বিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?