নেশ্যনেল ডেস্ক, 12 অক্টোবৰ: সোমবাৰে উচ্চতম ন্যায়ালয়ে COVID-19 ত সংক্ৰমিত হোৱাৰ লগতে কণ্টেইনমেণ্ট জ'নত থকা NEET পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে অহা 14 অক্টোবৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷
ভাৰতৰ মুখ্য ন্যায়াধীশ এছ.এ ববদেৰ নেতৃত্বৰ এখন বিচাৰপীঠে অহা 14 অক্টোৰত শিক্ষাৰ্থী সকলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে, 16 অক্টোবৰত ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক: আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে