নিউজ ডেস্ক, 15 জুনঃ দেশত বৃদ্ধি পাই থকা কৰ'ণা ভাইৰাছৰ প্ৰসংগত পশ্চিমবংগত লকডাউন বৃদ্ধিৰ সম্পৰ্কত চলোৱা হৈছিল এক সমীক্ষা । এই সমীক্ষা চলোৱা হৈছিল 2644 লোকৰ মাজত । 2644 গৰাকী লোকৰ ভিতৰত 52 শতাংশ লোকেই লকডাউনৰ সময়সীমা পুনৰ এমাহ বৃদ্ধি কৰাটো বিছাৰে ।
সামাজিক মাধ্যমৰ জৰিয়তে চলোৱা হৈছিল এই সমীক্ষা । LocalCircles নামৰ এক সামাজিক মাধ্যম প্লেটফৰ্মে এই জৰীপ চলাইছিল ।
আনহাতে দিল্লীত 5998 গৰাকী লোকৰ মাজত চলাইছিল আন এক সমীক্ষা । সেই সমীক্ষাত ৰাজধানী চহৰখনত 79 শতাংশ লোকে সম্পূৰ্ণ লকডাউন বিছাৰে । ইপিনে মুম্বাইত 5,412 লোকৰ মাজত থকা সমীক্ষাত 64 শতাংশ লোকে একেটা মতকে ব্যক্ত কৰিছে ।