ETV Bharat / bharat

দিল্লীত আৰক্ষীৰে সংঘৰ্ষত নিহতৰ সংখ্যা 18 জনলৈ বৃদ্ধি - death toll rises to 13

দিল্লীৰ এই হিংসাত্মক পৰিস্থিতিৰ বাবে উত্তৰ-পূৱ দিল্লী এলেকাৰ বিদ্যালয় সমূহত চলি থকা পৰীক্ষাসমূহ বাতিল কৰা হৈছে ৷ এতিয়ালৈকে দিল্লীৰ হিংসাত্মক ঘটনাত 150 জনৰো অধিক লোক আহত হৈছে ৷ উত্তৰ-পূৱ দিল্লীত হিংসাত্মক পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত 4000 আৰক্ষী জোৱান মোতায়ন কৰা হৈছে যদিও সন্ধিয়াৰ ভাগৰ পৰা পৰিস্থিতিৰ শাম কটা নাই ৷

NE Delhi protest,death toll rises to 13
দিল্লীত আৰক্ষীৰে সংঘৰ্ষত নিহতৰ সংখ্যা 13 জনলৈ বৃদ্ধি
author img

By

Published : Feb 25, 2020, 9:46 PM IST

Updated : Feb 26, 2020, 9:58 AM IST

নেশ্বনেল ডেক্স, 25 ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ দিল্লীত কা বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা 24 ঘন্টাত আৰক্ষীৰে সংঘৰ্ষত নিহতৰ সংখ্যা 18 জনলৈ বৃদ্ধি পাইছে ৷ দিল্লী আৰক্ষীয়ে জনাইছে যে, উত্তৰ-পূৱ দিল্লীৰ পৰা গাজিয়াবাদ অভিমূখী সকলো পথ ছীল কৰি দিয়া হৈছে ৷ জিলা দণ্ডাধীশ অজয় কুমাৰ পাণ্ডেয়ে কয়-‘উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে এই অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি দিয়াৰ লগতে চুবুৰীয়া অঞ্চলসমূহতো সুৰাৰ বিপণীসমূহ বন্ধ কৰি দিয়া হৈছে ৷ সম্প্ৰতি উত্তৰ-পূৱ দিল্লীৰ হিংসাত্মক ঘটনা গাজিয়াবাদ অঞ্চলৰ সীমান্তবৰ্তী এলেকালৈ বিয়পিব পৰা নাই ৷’

দিল্লীৰ এই হিংসাত্মক পৰিস্থিতিৰ বাবে উত্তৰ-পূৱ দিল্লী এলেকাৰ বিদ্যালয় সমূহত চলি থকা পৰীক্ষাসমূহ বাতিল কৰা হৈছে ৷ এতিয়ালৈকে দিল্লীৰ হিংসাত্মক ঘটনা150 জনৰো অধিক লোক আহত হৈছে ৷ উত্তৰ-পূৱ দিল্লীত হিংসাত্মক পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত 4000 আৰক্ষী জোৱান মোতায়ন কৰা হৈছে যদিও সন্ধিয়াৰ ভাগৰ পৰা পৰিস্থিতিৰ অধিক জটিল হৈ পৰিছে ৷

ইপিনে উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত আহত হয় একাংশ সাংবাদিক ৷ সাম্প্ৰদায়িক সংঘৰ্ষত উত্তল হৈ পৰিছে উত্তৰ-পূৱ দিল্লীৰ পৰিৱেশ ৷ ইয়াৰ মাজতেই দুষ্কৃতিকাৰীৰ গুলিত জম্মুৰ এগৰাকী সাংবাদিক আহত হয় ৷ ইয়াৰ উপৰিও দিল্লীৰ তিনিজনকৈ সাংবাদিকক প্ৰহাৰ কৰে দুষ্কৃতিকাৰীয়ে ৷ জম্মুৰ এক সংবাদমাধ্যমে টুইটযোগে প্ৰকাশ কৰে যে, আকাশ নামৰ সাংবাদিক গৰাকীয়ে মাজুপুৰ অঞ্চলত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তেই গুলিবিদ্ধ হয় ৷ সম্প্ৰতি তেঁওক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

আনহাতে, দিল্লীৰ এক সংবাদমাধ্যমে প্ৰকাশ কৰে যে, তেঁওলোকৰ সাংবাদিক অৰবিন্দন গুণশেখৰক সংঘৰ্ষত লিপ্ত হোৱা দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাত এটা দাঁত ভাঙি যায় ৷ ইপিনে সাংবাদিক গৰাকীক ৰক্ষা কৰিবলৈ যোৱা সতীৰ্থ সাংবাদিককো প্ৰহাৰ কৰে দুষ্কৃতিকাৰীয়ে ৷

লগতে পঢ়ক-আৰক্ষীৰ ফ্লেগ মাৰ্চ দিল্লীৰ খাজুৰি খাছত

Last Updated : Feb 26, 2020, 9:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.