ETV Bharat / bharat

লকডাউনৰ মাজতে ১৭০০ মহিলাক জামিন প্ৰদান

দেশত লকডাউনৰ মাজতে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ বিভিন্ন জেলত আৱদ্ধ হৈ থকা মহিলা বন্দীসকলৰ প্ৰায় ১৭০০ গৰাকীক জামিন প্ৰদান কৰা হৈছে ।

লকডাউনৰ মাজতে ১৭০০ মহিলাক জামিন প্ৰদান
লকডাউনৰ মাজতে ১৭০০ মহিলাক জামিন প্ৰদান
author img

By

Published : May 12, 2020, 8:35 PM IST

নিউজ ডেস্ক, ১২ মে' : দেশত লকডাউন ঘোষণা কৰাৰ পিচৰে পৰাই দেশৰ সাতখন ৰাজ্যৰ জেলত থকা ১,৭০০ মহিলা বন্দীক সামাজিক দুৰত্ব বৰ্তাই ৰাখিবৰ বাবে জামিন প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ সৈতে মহানিৰ্দেশক আৰু মহাপৰিদৰ্শকসকলৰ এক ভিডিঅ' কনফাৰেন্সত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ৰাষ্ট্ৰীয় মহিলা আয়োগে লকডাউনৰ সময়ত দেশৰ ২৫ খন ৰাজ্যৰ জেলত থকা মহিলা বন্দীসকলৰ বাবে জেইল প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত বিভিন্ন অৱস্থাৰ বুজ লয় ।

মহিলা কাৰাবন্দীসকলৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক ১,০৩৯ গৰাকীক, হাৰিয়ানাত ২২৩ গৰাকী, ছত্তিশগড়ত ১০৭ গৰাকী, গুজৰাটত ১০২ গৰাকী, পশ্চিমবংগত ৯৩ গৰাকী, দিল্লীত ৭৩ গৰাকী, তেলেংগানাত ৬১ গৰাকী আৰু মণিপুৰত ৪ গৰাকীক জামিন প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰীয় মহিলা আয়োগে ২২ এপ্ৰিলত ৰাজ্য চৰকাৰসমূহক কোভিড-১৯ মহামাৰীৰ সময়ত মহিলা কাৰাবন্দীসকলৰ বাবে সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল । ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই প্ৰকাশ কৰা অনুসৰি, এই নিৰ্দেশনা পালন নকৰা ৰাজ্যসমূহৰ সৈতে এই ভাৰ্ছুৱেল কনফাৰেন্স অনুষ্ঠিত কৰা হৈছিল । অধ্যক্ষা শৰ্মাই জনোৱা অনুসৰি, কিছুমান জেলত গৰ্ভৱতী বন্দীও আছে । ইয়াৰ ভিতৰত হাৰিয়ানাত ৭ গৰাকী আৰু বিহাৰত তিনিগৰাকী আছে । জেইল কৰ্তৃপক্ষই তেওঁলোকৰ উচিত পৰিচৰ্যা কৰি আছে । দেশৰ মহিলা কাৰাবন্দীসকলৰ মাজত এতিয়ালৈকে কোনো কোভিড-১৯ মহামাৰীত আক্ৰান্ত হোৱা নাই । ইয়াৰ উপৰিও আয়োগে জেইল কৰ্তৃপক্ষক স্বচ্ছতা আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কোৱা হৈছে । ইয়াৰ উপৰিও স্বাস্থ্যসেৱাৰ লগতে খাদ্যৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কয় আয়োগে ।

লগতে পঢ়কঃ ৫৮০ টন অত্যাৱশ্যকীয় সামগ্ৰীৰে মালদ্বীপত উপস্থিত নৌ-সেনাৰ জাহাজ কেশৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.