ETV Bharat / bharat

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহিলাসকলৰ বাবে বিশেষ পৰামৰ্শ

author img

By

Published : May 10, 2020, 12:07 AM IST

এই প্ৰতিবেদনত ইটিভি ভাৰতৰ সাংবাদিক চন্দ্ৰলেখাই ৰাষ্ট্ৰীয় মহিলা আয়োগে সম্পন্ন কৰা ভাৰ্চুৱেল আলোচনাৰ অন্তত মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা পৰামৰ্শৰ ওপৰত আলোচনা কৰা হৈছে ।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহিলাসকলৰ বাবে বিশেষ পৰামৰ্শ
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহিলাসকলৰ বাবে বিশেষ পৰামৰ্শ

নিউজ ডেস্ক, ৯ মে' : ৰাষ্ট্ৰীয় মহিলা আয়োগে কোভিড-১৯ মহামাৰীৰ সময়ত মহিলা কৃষকসকলৰ বাবে লকডাউনৰ সময়ত সহায় হোৱাকৈ বিভিন্ন নীতি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । "Women in Agriculture Sector: facilitating a better role” শীৰ্ষক ভাৰ্চুৱেল কৰফাৰেন্সৰ সহযোগত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আলোচনাত গ্ৰাম্য অৰ্থনীতিৰ লগতে কৃষিখণ্ডত কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ অংশগ্ৰহণক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, কৃষিখণ্ডৰ লগতে ইয়াৰ সহযোগী খণ্ডসমূহত মহিলা কৃষকসকলৰ সহায়ত হোৱাকৈ এক নীতি প্ৰস্তুত কৰিবলৈ আয়োগে কাম কৰি আছে । আলোচনাত অংশগ্ৰহণকাৰীসকলৰ মন্তব্যৰ ভিত্তিত ৰাজ্যসমূহলৈ এই নীতি শীঘ্ৰেই প্ৰদান কৰা হ'ব । কৃষি খণ্ডত নিয়োগ হেৰুওৱা প্ৰব্ৰজনকাৰী মহিলাসকলৰ বাবেও এই নীতি জাৰী কৰা হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে ।

ভিডিঅ' কনফাৰেন্সযোগে হোৱা এই আলোচনাত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, কৃষি মন্ত্ৰালয়, এনআৰএলএম, এনজিঅ'ৰ সদস্য আৰু অন্য়ান্যসকলে অংশগ্ৰহণ কৰে ।

আলোচনাত কোনোধৰণৰ সূদ নোহোৱাকৈ মহিলাসকলক ক্ৰেডিট প্ৰদান কৰাৰ ওপৰত জোৰ দিয়া হয় । ইয়াৰ উপৰিও মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ দ্বাৰা মহিলাসকলক জব কাৰ্ড প্ৰদান কৰা আদি দিশ আলোচনা কৰা হয় ।

২০১৭-১৮ৰ অৰ্থনৈতিক সমীক্ষাত গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চললৈ ৰাইজৰ প্ৰব্ৰজনৰ ফলত কৃষিখণ্ডত উদ্ভৱ হোৱা পৰিস্থিতিক কৃষিখণ্ডত নাৰীবাদ বুলি কোৱা হৈছিল, যিয়ে কৃষিখণ্ডত মহিলাসকলক অধিকৰূপে জড়িত কৰি তুলিছিল ।

এই আলোচনাত মহিলাসকলে সন্মুখীন হোৱা সকলো দিশ চালি-জাৰি চোৱা হৈছে আৰু তাৰ ভিত্তিতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়কঃ যোৰহাটতো কৰ'ণাত আক্ৰান্ত দুগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.