নিউজ ডেস্ক, 9 নৱেম্বৰ : সোমবাৰে নাৰ্কটিকছ কন্ট’ল ব্যুৰো চমুকৈ এনচিবিয়ে অভিনেতা অৰ্জুন ৰামপালৰ মুম্বাইৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায় । ইয়াৰ পূৰ্বে দেওবাৰে এটা ঔষধ সম্পৰ্কীয় কেলেংকাৰীত এন চি বিয়ে আটক কৰা ছবি প্ৰযোজক ফিৰোজ নাদিয়াৱালাৰ পত্নী আৰু চাৰিজন ঔষধ সৰবৰাহকাৰীক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে ।
আনহাতে ফিৰোজ নাদিয়াৱালাকো এনচিবিয়ে জেৰাৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল ৷ এনচিবিৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে তদন্তকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে নাদিয়াৱালা । নাদিয়াৱালাৰ পত্নী আৰু আন কেইজন লোকৰ ৰিমাণ্ডৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছে ।
দেওবাৰে এনচিবিয়ে ছবি প্ৰযোজক নাদিয়াৱালাৰ ঘৰত তদন্ত চলাই ১০ গ্ৰাম গাঞ্জা জব্দ কৰে ৷ এনচিবিয়ে ড্ৰাগছ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ফিৰোজ নাদিয়াৱালাৰ পত্নী শ্বানা ছীডক আটক কৰে । গাঞ্জাখিনি ৱাহিদ আব্দুল কাদিৰ শেখ নামৰ আন এজন অভিযুক্তৰ পৰা ক্ৰয় কৰা হৈছিল বুলি এনচিবিয়ে জানিবলৈ দিয়ে ।
এনচিবিয়ে এক বিবৃতিত শ্বানা ছীডলৈ এনডিপিএছ আইনৰ ৬৭ ধাৰাৰ অধীনত জাননী জাৰী কৰাৰ কথা উল্লেখ কৰাৰ লগতে তেওঁৰ সাক্ষ্য গ্ৰহণৰ পাছত ৮ নৱেম্বৰলৈ জিম্মাত ৰখাৰ কথা উল্লেখ কৰে ৷
লগতে পঢ়ক : অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ