নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰীঃ মঙলবাৰে দিল্লীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ৷ তেওঁ বৈঠকত সকলোৰে সন্মতি ৰাখি দিল্লীত শান্তি বৰ্তাই ৰাখি কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই বৈঠকত উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, দিল্লী বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰী, কংগ্ৰেছ নেতা সুভাষ চোপড়া, দিল্লীৰ উপ ৰাজ্যপাল অনিল বৈজল, গৃহ মন্ত্ৰণালয় আৰু ইণ্টেলিজেন্স ব্যুৰ’(IB)ৰ জ্যেষ্ঠ ব্যক্তি ৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নৰ্থ ব্ল’কত অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ অন্তত কয় যে, ‘‘আমাৰ ৰাষ্ট্ৰীয় ৰাজধানীত শান্তি বৰ্তাই ৰাখিবলৈ হ’লে আমি সকলো দলৰ উৰ্দ্ধত গৈ কাম কৰিব লাগিব৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে ইয়াৰ স্থিতি নিয়ন্ত্ৰণৰ কাম আৰম্ভ কৰিছে৷’’ এই বৈঠকত 1.15 ঘণ্টাৰ বাবে এইটোও অব্যাহত ৰখা হৈছে যে, আইন-শৃংখলা বৰ্তাই ৰাখিবৰ বাবে হিংসাত্মক অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণে আৰক্ষী নিযুক্তি দিয়া হ’ব৷ হিংসাত্মক অঞ্চলসমূহত পৰিস্থিতি নিয়ন্ত্ৰণৰ হেতু বিশেষ আৰক্ষী দলক নিযুক্তি দিয়া হ’ব৷ মুখ্যমন্ত্ৰী কেজৰিৱালে জানিবলৈ দিয়ে যে, দিল্লী আৰক্ষীয়ে আইন-শৃংখলাৰ বাবে সকলো সতৰ্কতা অৱলম্বন কৰিছে৷ কিন্তু এই ক্ষেত্ৰত তেওঁ এটা প্ৰশ্ন উত্থাপন কৰে যে, স্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় সেনাকো নিযুক্তি দিয়া উচিত৷ সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে উচতনিমূলক মন্তব্য প্ৰদান কৰা কেইজনমান ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ জ্যেষ্ঠ কংগ্ৰেছী নেতা সুভাষ চোপড়াই এই সন্দৰ্ভত মন্তব্য কৰে, ‘‘গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে, তেওঁৰ মন্ত্ৰণালয়ে উচতনিমূলক মন্তব্য প্ৰদান কৰা নেতাৰ ওপৰত দৃষ্টি ৰাখিছে৷ ইয়াৰ লগতে তেওঁ সকলো দলৰ নেতাক উচতনিমূলক মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে৷’’
বৈঠকত কয় যে, সোমবাৰে দিল্লীৰ উত্তৰ-পূৱ প্ৰান্তত ‘কা’ সমৰ্থনকাৰী আৰু ‘কা’ বিৰোধী দলৰ মাজত হোৱা হিংসাত্মক স্থিতিৰ ফলত প্ৰায় 30 জন আৰক্ষী আঘাতপ্ৰাপ্ত হয়৷ দলসমূহে দিল্লীত শান্তি আৰু সমৃদ্ধি বজাই ৰখাৰ বাবে একমত হৈছে৷ এই মন্তব্য দিল্লী বিজেপি সভাপতি মনোজ তিৱাৰীৰ৷ দিল্লীৰ এই হিংসাত্মক কাৰ্য মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহাৰ সময়তেই সংঘটিত হয়৷ আহমেদাবাদ আৰু আগ্ৰা ভ্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে মঙলবাৰে পুৱা দিল্লীত উপস্থিত হয়৷ সূত্ৰই জনোৱা মতে, ৰাষ্ট্ৰপতি ভৱনত ট্ৰাম্পক আদৰিবৰ বাবে আয়োজন কৰা বিশাল সমাৰোহত গৃহমন্ত্ৰী অমিত শ্বাহ অনুপস্থিত আছিল ৷
দিল্লীত হোৱা হিংসাত্মক কাৰ্যৰ পৰিণতিত গৃহমন্ত্ৰী শ্বাহে এখনৰ পিছত আন এখন সভা সম্বোধন কৰে৷ সোমবাৰে আহমেদাবাদৰ পৰা উভতাৰ পিছত শ্বাহে এই হিংসাত্মক স্থিতিক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, ইণ্টেলিজেন্স ব্যুৰ’(IB)ৰ সৈতে পুনৰ বৈঠকত মিলিত হয়৷