নেশ্যনেল ডেস্ক, 14 জুলাই : নাগালেণ্ডত ধন দাবী কাণ্ডই লৈছে নতুন মূৰ ৷ সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে NSCN (IM) ৰ সদস্য ৰয়িলুং ছাৰাংবেৰ পত্নীক ৷ প্ৰতিৰক্ষা বাহিনীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা ৰয়িলুঙৰ বেংক একাউন্টৰ পৰা চাৰি কোটি টকা উলিয়াই নিছিল পত্নীয়ে ৷
উল্লেখ্য যে, আসাম ৰাইফলছে নাগালেণ্ড আৰক্ষীৰ সহযোগত NSCN-IM ৰ দ্বাৰা ডিমাপুৰত ধন দাবী চলাই থকা এক বৃহৎ চক্ৰক উৎখাত কৰিছিল ৷ আৰক্ষীয়ে প্ৰায় 1.59 কোটি টকাৰ নগদ ধন, দুই কিল'গ্ৰাম RDX আৰু বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল ৷ NSCN (IM) ৰ নেতা ৰয়িলুং NSCN (IM) ৰ সাধাৰণ সচিব থুইংগালেং মুইভাৰ ঘনিষ্ঠ ৷
বৰ্তমান এই ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক (NIA) প্ৰদান কৰা হৈছে ৷ আটকাধীন ৰবি পামেই নামৰ আন এজন সদস্যই জানিবলৈ দিয়া অনুসৰি, ঘটনাৰ সৈতে মনিপুৰৰ এজন প্ৰশাসনিক বিষয়াও জড়িত আছে ৷ আনহাতে, নাগালেণ্ড আৰক্ষীয়ে NIA ৰ তথ্যৰ ভিত্তিত ৰয়িলুঙৰ পত্নীক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক : ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত