নিউজ ডেস্ক, 29 জুন: বিশ্বৰ অন্যতম কনচাল্টিং প্ৰতিষ্ঠান মেৰকাৰৰ অধ্যয়নত পোহৰলৈ অহা তথ্য অনুসৰি বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবে এচিয়াৰ 20 সংখ্যক দামী চহৰ মুম্বাই ৷ মেৰকাৰৰ 25 সংখ্যক 'Annual Cost of Living Survey'ত 67তম স্থানত আছে মুম্বাই ৷ 209 খন চহৰত চলোৱা এই অধ্যয়নত 118তম স্থানত আছে নতুন দিল্লী, 154 স্থানত চেন্নাই, 179 স্থানত বেংগলুৰো আৰু 189 স্থানত আছে কলকাতা ৷ এই তালিকাৰ শীৰ্ষস্থানত আছে হংকং ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3688625-thumbnail-3x2-mumbai1561815618549-98_2906email_1561815630_227.jpg)